আজি নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২৪-২৫...

স্বচ্ছ সৰ্বেক্ষণ -২০২৪, যিটো ভাৰতৰ নগৰীয়া অনাময়ৰ মূল্যায়নৰ বাবে বিশ্বৰ সৰ্ববৃহৎ জৰীপ। এই সমীক্ষাটোৱে এই বছৰ নৱম সংস্কৰণত প্ৰৱেশ কৰিছে............

New Update
1

ডিজিটেল ডেস্কঃ    আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ ৮ খনকৈ চহৰক স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২৪-২৫ প্ৰদান কৰা হ'ব। উৎকৃষ্ট স্বচ্ছতাৰ প্ৰচেষ্টাৰ বাবে মধ্যপ্ৰদেশ, ইন্দোৰ, উজ্জয়ন, বুধনী, ভোপাল, দেৱাছ, শ্বাহগঞ্জ, জবলপুৰ আৰু গোৱালিয়ৰক বিভিন্ন শাখাত সন্মানিত কৰা হ’ব।

Advertisment

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়া আৰু ৰাজ্যিক মন্ত্ৰী প্ৰতিমা বাগৰী উপস্থিত থাকিব। লক্ষ্যণীয় যে, ৰাজ্যৰ এই ৮খন চহৰে স্বচ্ছতাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰদৰ্শন দাঙি ধৰি কেৱল ৰাজ্যতে নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ নাম উজলাই তুলিছে।

উল্লেযোগ্য যে, স্বচ্ছ সৰ্বেক্ষণ -২০২৪, যিটো ভাৰতৰ নগৰীয়া অনাময়ৰ মূল্যায়নৰ বাবে বিশ্বৰ সৰ্ববৃহৎ জৰীপ। এই সমীক্ষাটোৱে এই বছৰ নৱম সংস্কৰণত প্ৰৱেশ কৰিছে। এইবেলি ছুপাৰ স্বচ্ছ লীগ চহৰ, পাঁচ জনসংখ্যা বিভাগত শীৰ্ষস্থান, স্বচ্ছ চহৰ, বিশেষ বিভাগ: গংগা চহৰ, কেণ্টনমেণ্ট ব’ৰ্ড, ছাফাই মিত্ৰ নিৰাপত্তা, মহাকুম্ভ, ৰাজ্যিক পৰ্যায়ৰ ইত্যাদি বিভাগত বঁটা প্ৰদান কৰা হ'ব।

জবলপুৰক বিশেষ শাখা আৰু গোৱালিয়াৰক ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। ইয়াৰ উপৰিও জাবৰমুক্ত চহৰৰ ষ্টাৰ ৰেটিং আৰু মুকলি শৌচমুক্ত চহৰ (ODF++, Water+)ৰ শিতানসমূহৰ ফলাফলো একেদিনাই প্ৰকাশ কৰা হ’ব।

এই উপলক্ষে দেশৰ সকলো চহৰৰ বাবে জাবৰমুক্ত চহৰৰ ষ্টাৰ ৰেটিং, মুকলি শৌচৰ পৰা মুক্তি (ODF) আৰু ব্যৱহৃত পানী পৰিচালনাৰ বাবে ৱাটাৰ প্লাছৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব। এইবোৰৰ উপৰিও ৪৪টা নগৰীয়া সংস্থায়ো ৱাটাৰ প্লাছৰ বাবে নিজৰ প্ৰতিবেদন দাখিল কৰিছে। চহৰ সমূহৰ অবিৰত প্ৰচেষ্টা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে চহৰসমূহক আজি  এই সন্মান প্ৰদান কৰা হ'ব।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু