/asomiyapratidin/media/media_files/2025/07/07/whatsapp-image-202-2025-07-07-10-21-52.jpeg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাৰ অন্তৰ্গত আলীবাগৰ সমীপত সাগৰত এখন সন্দেহজনক নাও দেখা পোৱাৰ পিছতে নিৰাপত্তা বাহিনীক সতৰ্ক কৰি দিয়া হৈছে। অৱশ্যে এতিয়ালৈকে সাগৰত নাওখন বিচাৰি উলিয়াব পৰা নাই অনুসন্ধানকাৰী দলটোৱে।
আৰক্ষীয়ে স্থানীয় মাছমৰীয়াৰ সৈতে গভীৰ নিশালৈকে সাগৰত তালাচী অভিযান চলায়। কিছু দূৰ সাগৰৰ মাজত নাওখনৰ লাইট দেখা গৈছিল যদিও নাওখনৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰাত নাওখন নোহোৱা হৈ যায়। এই সন্দেহজনক নাওখন পাকিস্তানী বুলি সন্দেহ কৰা হৈছে।
অনুসন্ধানকাৰী দলটোৱে পুৱা ৪ বজালৈকে নাওখন বিচাৰি অভিযান চলায়। কিছু সময়ৰ বাবে অনুসন্ধান অভিযান বন্ধ কৰি তাৰ পিছত পুনৰ আৰম্ভ হয়। উল্লেখ কৰা প্ৰয়োজন যে, ২০০৮ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ ঘটনাক কাৰ্য্যসিদ্ধি কৰিবলৈ কেইবাজনো সন্ত্ৰাসবাদী সাগৰীয় পথেৰে মুম্বাইত প্ৰৱেশ কৰিছিল। তেতিয়াৰ পৰা পাকিস্তানৰ পৰা অহা নাওত বিশেষ চোৰাংচোৱাগিৰি ৰখা হয়।