/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f352e254-cae3-4df2-8e52-0600aab2d6cf/uyt.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ প্ৰতি অতিপাত মৰম প্ৰদৰ্শন কৰাটোৱেই কাল হল এগৰাকী অসম আৰক্ষী মহিলা জোৱানৰ বাবে। জুবিন গাৰ্গক মঞ্চত সাৱটি, ভৰি চুই সেৱা লোৱা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াক নিলম্বন কৰিছে আৰক্ষী বিভাগে।
প্ৰাপ্ত খবৰ অনুসৰি, কৰ্তব্যৰত সময়ত অনুশাসন ভংগৰ অভিযোগত এই কঠোৰ সিদ্ধান্ত লৈছে বিভাগে। চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াই বিহুমঞ্চত উঠি জুবিনক সাৱটি ধৰিছিল। জুবিনৰ ভৰি চুই সেৱাও লৈছে মহিলা গৃহৰক্ষী জোৱান গৰাকীয়ে।
Also Read: আজি গুৱাহাটীত আই পি এলঃ মহানগৰীত বিশেষ পথ নিৰ্দেশনা...