আজি গুৱাহাটীত আই পি এলঃ মহানগৰীত বিশেষ পথ নিৰ্দেশনা...

আজি গুৱাহাটীত আই পি এলঃ মহানগৰীত বিশেষ পথ নিৰ্দেশনা...

ডিজিটেল ডেস্কঃ প্ৰথমৰে পৰা সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহা ৰাজস্থান ৰয়েলছে ধাৰাবাহিকভাৱে তিনিখন মেচত পৰাস্ত হোৱাৰ পিচত আজি বৰ্ষাপাৰাত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দলটো।

ৰাজস্থান ৰয়েলছৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মেচ দুখনৰ বাবে অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰিয়ান পৰাগৰ বাবে । চলিত আইপিএল ছিজনত ৰিয়ানৰ প্ৰদৰ্শন আৰু ঘৰুৱা খেলপথাৰত স্থানীয় খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ অনুৰাগীয়ে যথেষ্ট উৎসাহিত হৈ আছে। উল্লেখ্য যে, গুৱাহাটীত হব লগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছৰ দলত নাথাকিব জছ বাটলাৰ।

ইফালে আইপিএল মেচৰ সময়ত যাতে মহানগৰীত কোনো যান-জঁটৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কিছু নিষেধাজ্ঞা । বুধবাৰে আৰু ১৯ তাৰিখে হ'বলগীয়া মেচ দুখনৰ পূৰ্বে বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকাতকৈ অধিক বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সমান্তৰালভাৱে জি এছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড, বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এ টি ৰোড, আৰ এম চি ৰোড, জি এন বি ৰোড, কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in