অভিনয়ৰ বাবে মন্ত্ৰিত্ব ত্যাগ কৰিব সুৰেশ গোপীয়ে!

অভিনয়ৰ বাবে মন্ত্ৰিত্ব ত্যাগ কৰিব সুৰেশ গোপীয়ে!

author-image
Asomiya Pratidin
New Update
অভিনয়ৰ বাবে মন্ত্ৰিত্ব ত্যাগ কৰিব সুৰেশ গোপীয়ে!

ডিজিটেল ডেস্কঃ শপত গ্ৰহণৰ ২৪ ঘন্টা নহৌওতেই মন্ত্ৰিত্ব এৰাৰ কথা চিন্তা কৰিছে কেৰেলাৰ বিজেপি সাংসদ সুৰেশ গোপীয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত এই কথা প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

Advertisment

তেওঁ কয় যে, তেওঁ ইতিমধ্যে কেইবাখনো চিনেমাৰ কাম হাতত লৈছে সেয়ে মন্ত্ৰী পদ ত্যাগ কৰিব বিচাৰিছে। এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে সুৰেশ গোপী দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ এখন চিনাকি মুখ। তেওঁ ইতিমধ্যে কেইবাখনো ছবিত অভিনয় কৰিছে।

পদত্যাগ সন্দৰ্ভত তেওঁ কয় যে, নিজ সমষ্টিৰ বাবে তেওঁ সাংসদ হিচাপেই কাম কৰিব, ইয়াৰ বাবে তেওঁক মন্ত্ৰী পদৰ প্ৰয়োজন নাই। তেওঁ যিকোনো মূল্যৰ বিনিময়ত ছবিসমূহ কৰিব বিচাৰে লগতে তেওঁ ত্ৰিশুৰবাসীৰ বাবেও কাম কৰি যাব।

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনত কেৰেলাত প্ৰথমবাৰৰ বাবে আসন লাভ কৰিছিল বিজেপিয়ে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ভি এছ সুনীল কুমাৰক ৭৪,৬৮৬ ভোটত পৰাস্ত কৰি বিজেপিৰ হৈ কেৰেলাৰ ত্ৰিশুৰ পৰা নিৰ্বাচনত জয়ী হৈছিল সুৰেশ গোপী।

Also Read: ওড়িশাত বিজেপিৰ নতুন চৰকাৰে শপত ল'ব বুধবাৰে...

Suresh Gopi latest news Suresh Gopi union ministry