ওড়িশাত বিজেপিৰ নতুন চৰকাৰে শপত ল'ব বুধবাৰে...

ওড়িশাত বিজেপিৰ নতুন চৰকাৰে শপত ল'ব বুধবাৰে...

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পার্টীয়ে কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং আৰু ভূপেন্দৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিছে। সংসদীয় ব'র্ডে এই নেতা দুগৰাকীক ওড়িশা বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পর্যবেক্ষণ কৰাৰ দায়িত্ব অর্পণ কৰিছে।

User

বিজেপিয়ে ওড়িশাৰ বিধানসভা নির্বাচনত মুঠ ১৪৭খন আসনৰ ভিতৰত ৭৮ খনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। আনহাতে বি জে ডিয়ে ৫১ খন, কংগ্ৰেছে ১৪খন আৰু অন্যান্য দলে ৪খন আসন লাভ কৰে।

ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্রীয়ে শপতগ্রহণ কৰাৰ সম্ভাবনা আছে। ৰাজ্যখনত সোমবাৰে এই শপতগ্রহণ অনুষ্ঠান হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্রী নির্বাচন চূড়ান্ত নোহোৱাত এই অনুষ্ঠান বুধবাৰলৈ পিছুৱাই দিয়া হৈছে।

ওড়িশাত বিজেপিৰ নতুন চৰকাৰে শপত ল'ব বুধবাৰে...
মিজোৰামত ৩কোটিৰো অধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in