সুখবৰ: ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত প্ৰথমগৰাকী অসমীয়া মহিলা...

সুখবৰ: ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত প্ৰথমগৰাকী অসমীয়া মহিলা...

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে ভাল খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত নিযুক্তি লাভ কৰিছে এগৰাকী অসমীয়া মহিলাই। মহিলাগৰাকী হ'ল সুৰঞ্জনা দত্ত। উল্লেখ্য সুৰঞ্জনা দত্ত এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা ।

১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰা দত্তই দেশৰ বিভিন্ন প্ৰান্তৰ কৰ্ম ক্ষেত্ৰত ইতিমধ্যেই সুখ্যাতি অৰ্জন কৰিছে। জাপানতো কৰ্মজীৱনৰ কিছুসময় পাৰ কৰা সুৰঞ্জনা দত্তই শিক্ষা জীৱনৰ পি ইউ দেউনা পাৰ কৰিছিল কটন কলেজৰ পৰা। কটন কলেজৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰিছিল সুৰঞ্জনা দত্তই।

তেওঁৰ এই সফলতাত স্বাভাৱিকতেই এতিয়া গৌৰান্বিত অসমবাসী।

সুখবৰ: ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত প্ৰথমগৰাকী অসমীয়া মহিলা...
পুনৰ উত্তাল দেশৰ ৰাজনীতি: ই ডিৰ জালত ইজনৰ পাছত সিজন ৰাজনীতিবিদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in