সমষ্টি পুনৰ নিৰ্ধাৰণত স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে...

সমষ্টি পুনৰ নিৰ্ধাৰণত স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে...
সমষ্টি পুনৰ নিৰ্ধাৰণত স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে...

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ স্থগিতাদেশ বিচাৰি ৰাজ্যৰ ১১ টাকৈ বিৰোধী ৰাজনৈতিক দলে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ শুনানি আজি ন্যায়ালয়ে গ্ৰহণ কৰে। ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণত স্থগিতাদেশ জাৰি কৰাৰ পৰা বিৰত থাকে যদিও ৩ সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, নিৰ্বাচন আয়োগে শেহতীয়াকৈ অসমৰ সমষ্টিসমূহ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছিল।অৱশ্যে এই খচৰাত সমষ্টিৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিৱৰ্তে একেই ৰাখি কেৱল কেইটামান সমষ্টি বিলুপ্তিকৰণ কৰি নতুন সমষ্টি সৃষ্টি আৰু বহু কেইটা সমষ্টিৰ সীমাৰ ইফাল, সিফাল হে কৰা হৈছিল।

শাসকীয় বিজেপি দলে তেওঁলোকৰ ইচ্ছা অনুসৰি নিৰ্বাচন আয়োগক পৰিচালনা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ইয়াৰ জৰিয়তে অসমত খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস পাব বুলি দাবী কৰি আহিছিল। সেয়ে বিৰোধী ৰাজনৈতিক দল কেইটাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনপ্ৰতিনিধি আইন ১৯৫০ ৰ ৮ (A) ক প্ৰত্যাহ্বান জনাইছিল।

ইয়াৰোপৰি জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰি জনসংখ্যাৰ ঘনত্বৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কিয় কৰা হৈছে বুলিও প্ৰশ্ন উত্থাপনেৰে ন্যায়ালয়ৰ কাষ চাপিছিল। সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপা ৰাজনৈতিক দলসমূহৰ ভিতৰত আছিল কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআই(এম)কে আদি।

ইয়াৰোপৰি বিশিষ্ট বুদ্ধিজিৱী ড০ ড০ হীৰেন গোহাঁই, সাংসদ অজিত কুমাৰ ভূঞা, এআইইউডিএফেও পৃথকে ন্যায়ালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে দাখিল কৰিছিল আৱেদন।

সমষ্টি পুনৰ নিৰ্ধাৰণত স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে...
মুছলপুৰত ৪৯৮ আত্মসহায়ক গোটলৈ এককালীন অনুদান প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in