মুছলপুৰত ৪৯৮ আত্মসহায়ক গোটলৈ এককালীন অনুদান প্ৰদান...

মুছলপুৰত ৪৯৮ আত্মসহায়ক গোটলৈ এককালীন অনুদান প্ৰদান...
মুছলপুৰত ৪৯৮ আত্মসহায়ক গোটলৈ এককালীন অনুদান প্ৰদান...

ডিজিটেল সংবাদ মুছলপুৰঃ বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত ৰাজ হোটেল প্ৰেক্ষাগৃহত আজি জিলা কৃষি বিভাগৰ উদ্যোগত এক সভা অনুষ্ঠিত কৰি অনুদান প্ৰদান কৰা হয়। উক্ত সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ উপৰিও বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক ফনীধৰ ব্ৰহ্ম, জিলা কৃষি বিষয়া দুলাল দাস, মহকুমা কৃষি বিষয়া সতীশ তালুকদাৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কয় যে, আজি ইয়াত সভাৰ জৰিয়তে আৰ্থিক সাহায্য বিতৰণৰ শুভাৰম্ভণি কৰা হৈছে । কিন্তু সমগ্ৰ বিটিআৰৰ ৪৯৮ টা আত্মসহায়ক গোটলৈ ১০,০০০ টকাকৈ মুঠ ৪৯,৮০,০০০ টকা বিয়লি ৪ বজাত একাউণ্টে একাউণ্টে সোমাব ।

মুছলপুৰত ৪৯৮ আত্মসহায়ক গোটলৈ এককালীন অনুদান প্ৰদান...
নামৰূপ সাৰ কাৰখানা বন্ধৰ ঘোষণা কৰা নাই, নীতি আয়োগৰ পৰামৰ্শহেঃ তৰংগ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in