কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থনঃ শশীকান্তৰ বাটেৰেই বাট বুলিছে কমলাক্ষ দে আৰু বসন্ত দাসে...

সংবাদমেল পাতি মুকলি ঘোষণা দুই কংগ্ৰেছী বিধায়কৰ

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থনঃ শশীকান্তৰ বাটেৰেই বাট বুলিছে কমলাক্ষ দে আৰু বসন্ত দাসে...

কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন

ডিজিটেল ডেস্কঃ কংগ্ৰেছ দল ত্যাগ কৰিব বুলি তীব্ৰ চৰ্চা অব্যাহত থকাৰ মাজতে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই এৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব। কমলাক্ষ দে পুৰকায়স্থৰ লগতে মঙলদৈৰ কংগ্ৰেছ বিধায়ক বসন্ত দাসেও সংবাদমেল সম্বোধন কৰি কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন দিয়াৰ কথা ব্যক্ত কৰিলে।

Advertisment

কমলাক্ষ দে পুৰকায়স্থৰ লগতে আগন্তুক সময়ত চৰকাৰক সকলো ধৰণৰ সহযোগ কৰিম বুলি সংবাদমেলত কলে বিধায়ক বসন্ত দাসেও। উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছৰ এই দুগৰাকী বিধায়কে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি বিজেপিত যোগদানৰ পৰিকল্পনা কৰিছে বুলি চৰ্চা হৈছিল। এই চৰ্চাক কিছু দূৰলৈ সত্য প্ৰমাণিত কৰি দুয়োগৰাকী বিধায়কে আগন্তুক সময়ত বিৰোধীত থাকিও চৰকাৰ সমৰ্থন কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে।

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসেও কংগ্ৰেছত থাকি বিজেপিৰ সৈতে ঘনিষ্ঠতা বঢ়াই তুলিছিল। পাছৰ পৰ্যায়ত কংগ্ৰেছে ইয়াৰ উত্তৰ বিচৰাত পূৰ্বতকৈ অধিক ঘনিষ্ঠতা বিজেপিৰ চৰকাৰৰ সৈতে বঢ়াই তুলিছিল শশীকান্তই। এতিয়া সেই শশীকান্তৰ বাটেৰেই বাট বুলিছে কমলাক্ষ আৰু বসন্ত দাসে।

Also Read: চিলাপথাৰত গুমৰাগ আৰু ঐনিতমৰ সুৰত মুখৰিত চৌদিশ...

assam bjp congress