আমবাগানত অবৈধ কাঠ ভৰ্তি বাহন জব্দ...

আমবাগানত অবৈধ কাঠ ভৰ্তি বাহন জব্দ...
আমবাগানত অবৈধ কাঠ ভৰ্তি বাহন জব্দ...

ডিজিটেল সংবাদ কলিয়াবৰঃ ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত অবৈধ কাঠ ভৰ্তি বাহন জব্দ। কাঠপাৰা বজাৰৰ পৰা আমবাগান আৰক্ষীয়ে সোমবাৰে নিশা জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহনখন।

এ এছ ০২ চি চি ২৮৫৪ নম্বৰৰ বাহনেৰে কঢ়িয়াই আনিছিল অবৈধ কাঠখিনি। ৰহস্যজনক ভাবে আমবাগান আৰক্ষীৰ হাতৰ পৰা চোৰাং কাঠ কঢ়িওৱা বাহনখনৰ চালকসহ সৰবৰাহকাৰীয়ে পলায়ন কৰে। আমবাগান আৰক্ষীয়ে অবৈধ কাঠখিনি জখলাবন্ধা বন বিভাগত গতাই দিয়া বুলিও জানিব দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in