সুনীলৰ পত্নী, পুত্ৰক জেৰা শীর্ষ আৰক্ষীৰ

জাহাঙ্গীৰ হত্যাকাণ্ডকলৈ তৎপৰ আৰক্ষী অধীক্ষক...

author-image
Asomiya Pratidin
New Update
সুনীলৰ পত্নী, পুত্ৰক জেৰা শীর্ষ আৰক্ষীৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা: দেওবাৰে জাহাঙ্গীৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰা নিজাববীয়া গোচৰৰ ভিত্তিত চলোৱা তদন্ত পৰ্যবেক্ষণ কৰিবলৈ ঢকুৱাখনা থানাত উপস্থিত হয় লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়ন বৰ্মন আৰু উপ আৰক্ষী অধীক্ষক দেবেন বৰা।

Advertisment

আজি বিয়লি ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈ শীর্ষ আৰক্ষী বিষয়া সকলে থানাত হাজিৰ হৈ থকা সুনীলৰ পত্নী পুষ্পা গগৈ ,পুত্ৰ সৌৰভ গগৈ,জাহাঙ্গীৰ হুছেইনৰ ভাতৃ আদিক প্ৰায় ৪ ঘণ্টা জুৰি পৃথকে পৃথকে জেৰা কৰে।

ইপিনে ঘটনাৰ তদন্তৰ অংশ হিচাপে ঢকুৱাখনা আৰক্ষীৰ এটা দলে ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাপথাৰ নগৰৰ একাংশ হোটেলত উপস্থিত হয়। চিলাপথাৰৰ হোটেলত সুনীল গগৈয়ে আশ্ৰয় লোৱাৰ আশঙ্কা কৰি হোটেলৰ নথিপত্ৰ আৰু ফটো আদি সংগ্ৰহ কৰে।

তাৰোপৰি তদন্তকাৰী আৰক্ষীয়ে পূৰ্বে হত্যাৰ গোচৰত অভিযুক্ত এজন ব্যক্তিক জিম্মাত লৈ ঢকুৱাখনা থানালৈ আনে। ঢকুৱাখনা আৰক্ষীয়ে নিয়মিত হাৰত আৰক্ষীৰ নিৰ্দেশ মানি থানাত হাজিৰ হৈ থকা সুনীলৰ পত্নী পুত্ৰক স্বাস্থ্য পৰীক্ষাৰ পাছত ঘৰলৈ যাবলৈ দিয়ে।

জানিব পৰা মতে লখিমপুৰ আৰক্ষীয়ে শীঘ্ৰে মনোৰোগ চিকিৎসকৰ জৰিয়তে সুনীলৰ পত্নী পুত্ৰৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অন্যহাতে পলাতক ঘোষিত সুনীলে মৃত্যুৰ পূৰ্বে এগৰাকী বন্ধুলৈ ফোন যোগে কৰা বাৰ্তালাপ "অসমীয়া প্ৰতিদিন ডিজিটেল" ত প্ৰকাশ কৰাৰ পাছত জোকাৰণিৰ সৃষ্টি হয় আৰক্ষী মহলত। এই সন্দৰ্ভত আৰক্ষীয়ে সুনীলৰ কণ্ঠৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে।

Also Read: কৰিমগঞ্জত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

dhakuakhana Sunil's wife