/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/628e13b6-4c60-4105-8948-5ce5f1c67f39/469.jpg)
ডিজিটেল সংবাদ,কৰিমগঞ্জ : জলসম্পদ মন্ত্ৰী তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বান পৰিস্থিতিৰ বুজ ল'বলৈ কৰিমগঞ্জ জিলাত দেওবাৰে উপস্থিত হয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শ্ৰীগৌৰীত ৰাষ্টীয় ঘাইপথৰ সমীপত হোৱা খহনীয়াৰ বুজ লৈ স্থানীয় ৰাইজক আশ্বাস দিয়ে যে এইবাৰ প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘ্যত স্থায়ী প্ৰতিৰোধৰ কাম কৰা হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/15f4597d-95e7-4014-8e09-ed032eda5cda/5fd21f0b-402e-4f9d-b7ec-43ba6abf0f23.jpg)
মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ নগৰৰ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগেন্দ্ৰনাথ তিলকচান্দ এম ভি স্কুলত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে মত বিনিময় কৰে । লংগাই আৰু কুশিয়াৰা নৈৰ বানত আক্ৰান্ত হৈ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬৪৯গৰাকী আৰু নগেন্দ্ৰনাথ তিলকচান্দ এম ভি স্কুলত ৫১৭গৰাকী লোক আশ্ৰয় লৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0a4a06eb-a35e-4fe2-9c2a-6891cac9d55a/18708ad3-ea2e-4663-8d74-da44f3da29c4.jpg)
উক্ত আশ্ৰয় শিবিৰত উপস্থিত হৈ ৰাইজৰ দুখ-দুৰ্দশা, অভাৱ-সমস্যাৰ বুজ লোৱাৰ লগতে তেওঁলোকে জিলা প্ৰশাসনৰ পৰা সহায়, সুবিধা, ৰেচন আদি পৰ্যাপ্ত পৰিমাণে পাইছে নে নাই, সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে খবৰ লয় । আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলে যাতে থকাৰ লগতে খাদ্য, স্বাস্থ্যজনিত সকলো দিশতে পৰ্যাপ্ত পৰিমাণে সুবিধা লাভ কৰে, সেই কথা নিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/77fd5789-ba4e-40f9-9b5f-55ca0ca9ce62/99e4a5b6-4611-4b84-a98c-5f76794bc1e8.jpg)
ৰাইজৰ এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰে সকলো প্ৰকাৰে সহায় কৰিবলৈ প্ৰস্তুত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ইফালে পাছবেলা মন্ত্ৰী হাজৰীকাই কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধায়কসকলৰ উপস্থিতিত জিলাখনৰ বিভাগীয় প্ৰধানসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয় ।
জলসম্পদ বিভাগৰ পৰা মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ বান নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগা ব্যৱস্থাসমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লয় । অহাবাৰ জিলাখনৰ ১৫ ৰপৰা ২০ কিল'মিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত অংশত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d4043d49-2e0a-4fdf-9574-5482469f30db/9c44d1a2-296e-4e24-8149-04a4c9e0ba1e.jpg)
মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি, স্বাস্থ্য, পঞ্চায়ত আদি বিভাগৰো পৰ্যালোচনা কৰি সকলোকে সাধাৰণ জনতাৰ কল্যাণ তথা দেশৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায় ।
Also Read: তেজপুৰৰ কলাগুৰু সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন