সংগীত শিল্পী আৰু তবলা বাদক সুনীল ৰায়ৰ মৃত্যু...

সংগীত শিল্পী আৰু তবলা বাদক সুনীল ৰায়ৰ মৃত্যু
সংগীত শিল্পী আৰু তবলা বাদক সুনীল ৰায়ৰ মৃত্যু

ডিজিটেল সংবাদ ধুবুৰীঃ আজি পুৱা প্ৰায় ৫ঃ০৩ বজাত ধুবুৰীৰ বিলাসীপাৰাৰ ৫ নম্বৰ ৱাৰ্ডৰ নিৱাসী সুনীল ৰায়ৰ নিজ বাসগৃহত মৃত্যু হয়। যোৱা কেইবছৰ ধৰি তেওঁ মধুমেহ আদি ৰোগত আক্ৰান্তহৈ আছিল।

উল্লেখ্য যে, সুনীল ৰায় যোৱা প্ৰায় চাৰিদশক ধৰি সমগ্ৰ ধুবুৰী জিলাখনৰ লগতে আন আন বহুত অঞ্চলত সংগীত শিক্ষক আৰু তবলা বাদক হিচাপে বহু অগণন ছাত্ৰ-ছাত্ৰীক সংগীত আৰু তবলাৰ প্ৰশিক্ষণ দি যথেষ্ট সমাদৰ লাভ কৰিছিল। সকলো কামতে আগৰণুৱা উদাৰ মনৰ শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান,ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

তবলা বাদক সুনীল ৰায়ৰ মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৭৫ বছৰ। অমায়িক,নম্ৰ আৰু অতিকৈ ভদ্ৰচিত শিল্পীগৰাকী মৃত্যৰ সময়ত তেঁওৰ পত্নী, পুত্ৰ, জী-জোৱাই, নাতি-নাতিনি আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

ক্লিক কৰি পঢ়কঃ অৰিজিত সিঙৰ অনুষ্ঠানলৈ যাবনে? এটা টিকটৰ বাবে দিব লাগিব ১৬ লাখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in