/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/af0c8afd-e032-4c6b-bac5-2b81c6c7a9d7/arijit_singh.jpg)
অৰিজিত সিঙৰ অনুষ্ঠানলৈ যাবনে? এটা টিকটৰ বাবে দিব লাগিব ১৬ লাখ
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী অৰিজিত সিঙক কোনে চিনি নাপায়? অৰিজিত সিঙৰ লাইভ অনুষ্ঠান চাবলৈ যুৱ-প্ৰজন্মৰ উন্মাদ হৈ থাকে। য'তেই নহওক, যেনেকৈয়ে নহওক অৰিজিত সিঙৰ অনুষ্ঠান চাবলৈ যি কোনো বাধা অতিক্ৰম কৰিবলৈও প্ৰস্তুত থাকে।
তেওঁৰ অনুষ্ঠান চাবলৈ হাজাৰ টকা খৰছ কৰিবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু শেহতীয়াকৈ অৰিজিত সিঙৰ লাইভ অনুষ্ঠানৰ টিকটৰ মূল্যই এতিয়া বিপদত পেলাই ছে অনুৰাগীক।
কাৰণ এই বিশেষ অনুষ্ঠানটোৰ টিকটৰ মূল্য দেখি মূৰে-কপালে হাত দিছে তেওঁৰ অনুৰাগীসকলে। টিকটৰ মূল্য পৰিশোধ কৰিবলৈ অনুৰাগীৰ বাবে সম্ভৱটো নহয়েই, সিমান মূল্যৰ টিটক হ'ব বুলিও কল্পনা কৰিব নোৱাৰা এক পৰিস্থিতি।
প্ৰকাশিত খবৰ অনুসৰি এই অনুষ্ঠানৰ বাবে এটা টিকটৰ মূল্য ১৬ লাখ টকা। হয়, আপুনি ঠিকেই শুনিছে। অৰিজিত সিঙৰ অনুষ্ঠানৰ উপভোগ কৰিবলৈ এটা টিকট ক্ৰয় কৰিব লাগিব ১৬ লাখ টকাত। এই অনুষ্ঠান অনুষ্ঠিত হ'ব পুনেৰ 'দ্যা মিলছ'ত।
কিন্তু কিয় এটা টিকটৰ মূল্য হ'লগৈ ১৬ লাখ? সাধাৰণতে অনুষ্ঠিত হোৱাৰ দৰে এই লাইভ কনচাৰ্ট অনুষ্ঠিত নহয়। ইয়াত দৰ্শকৰ বাবে থাকিব বিশেষ সুবিধা। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই অনুষ্ঠানত থাকিব মাত্ৰ ৪০ খন আসন।
প্ৰিমিয়াম লাউঞ্জ ১ৰ এখন আসনৰ বাবে টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১৬ লাখ। ইয়াৰ বাবে দৰ্শকে লাভ কৰিব বিশেষ সুবিধা। সেই অনুসৰি নিৰ্দিষ্ট ৪০ জন দৰ্শকে লাভ কৰিব প্ৰিয় সুৰা, সুস্বাদু খাদ্য।
অৱশ্যে এই কনচাৰ্টত থিয় হৈ উপভোগ কৰিব পৰাকৈয়ও ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে আৰ্লি বাৰ্ড ছেকচন ৰাখিছে। যাৰ টিকটৰ মূল্য ৯৯৯ টকাৰ পৰা আৰম্ভ হৈছে।
ক্লিক কৰি পঢ়কঃ যোৰহাটৰ এ টি ৰোডত গুলীচালনাঃ এজন লোক গুৰুতৰ ভাৱে আহত...