আজিও উদ্ধাৰ নহ'ল ছিন্নমুণ্ড, দুৰ্নীতিৰ বিৰুদ্ধে স্থিতি লোৱাই কাল হ'ল সুনীলৰ!

আজিও উদ্ধাৰ নহ'ল ছিন্নমুণ্ড, দুৰ্নীতিৰ বিৰুদ্ধে স্থিতি লোৱাই কাল হ'ল সুনীলৰ!

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পৰ্যন্ত সকলোকে দিগভ্ৰান্ত কৰাত সক্ষম হ'ল জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ ঘাটক। ঢকুৱাখনা সদৰ থানাৰ সাপতিয়া চেতিয়া গাঁৱৰ সুনীল গগৈ পাশৱিক হত্যাকাণ্ডৰ সোমবাৰে ১০টা দিনত ভৰি দিলে।

সমগ্ৰ অসম কঁপাই যোৱা সুনীল গগৈ হত্যাকাণ্ডৰ জঘন্যতা আৰু দানৱতা প্ৰত্যক্ষ কৰি স্তম্ভিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং। ৰাজ্যখনত পূৰ্বে সংঘটিত নোহোৱা এনে জঘন্য অপৰাধ প্ৰত্যক্ষ কৰি শিহৰিত হৈছিল সকলোকে। পৰৱৰ্তী সময়ত সুনীল হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)ৰ আই জি পি সংযুক্তা পৰাশৰক দায়িত্ব দিছিল। গুজৰাটৰ পৰা ফৰেনচিক বিশেষজ্ঞ অশোক কুমাৰক অনা হৈছিল। উত্তৰ অসম মণ্ডলৰ আই জি পি বিজয় কুলি গামে বাহৰ পাতি হত্যাকাণ্ডৰ সূক্ষ্ম নিৰীক্ষণ কৰিছিল।

এগৰাকী সৎ, নিষ্ঠাবান ,পৰোপকাৰী ব্যক্তিৰ এই নিৰ্মম হত্যাকাণ্ডৰ ১০টা দিন উকলাৰ পাছতো হত্যাকাৰীক চিনাক্ত কৰা কিম্বা ঘাটকে শিৰচ্ছেদ কৰি লৈ যোৱা গগৈৰ মূৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহল অসম আৰক্ষী। সততে অসম আৰক্ষীযে জহাই ফুৰা স্মাৰ্ট স্থিতিক বুঢ়া আঙুলি দেখুৱাই বৰ্বৰতাকো চেৰ পলাই সংঘটিত কৰা এই নিষ্ঠুৰ হত্যাকাণ্ডৰ পতিয়ন যোগ্য ক্লু উলিয়াবলৈ গৈ উজুটি খাইছে অসম আৰক্ষী ।

সুনীল গগৈৰ দুৰ্ভগীয়া পৰিয়ালে আশা কৰিছিল পৰম্পৰাগতভাৱে অনুষ্ঠিত হ'বলগা দহাৰ পূৰ্বে ঘৰখনৰ একমাত্ৰ মুৰব্বীজনৰ বিছিন্ন মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰক্ষী। কিন্তু এই অন্তিম ইচ্ছা পূৰণ কৰিবলৈ নির্লজভাৱে সক্ষম নহ'ল আৰক্ষী। এনে মৰ্মান্তিক আশাকো অৱশেষত জলাঞ্জলি দি সোমবাৰে মৃতকৰ ঘৰত অনুষ্ঠিত কৰা হয় দহা অনুষ্ঠান।

সোমবাৰে পুৱাই ভকত বৈষ্ণৱ ৰাইজ মৃতকৰ ঘৰত উপস্থিত হৈ এই মাংগলিক কাৰ্য আৰম্ভ কৰে। আত্মীয় স্বজন, অগণন গুণগ্ৰাহী আৰু শুভাকাংক্ষীযে অশ্ৰুসিক্ত নয়নেৰে পুৱাই উপস্থিত হৈ হত্যাকাণ্ড স্থলীত চাকি বন্তি জ্বলাই মৃতকৰ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনাৰে প্ৰাৰ্থনা জনাই। নিষ্ঠুৰ ঘাটক আৰু এই পাশৱিক কাণ্ডত জড়িত সকলোৱে এনে অৱৰ্ণনীয় যন্ত্ৰণাত ভোগাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰ পাছতে ধৰ্মীয় পৰম্পৰা অনুসৰি পিণ্ড দান কৰাৰ পাছত শান্তিজলেৰে গৃহস্থক পবিত্ৰ কৰি নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়।

স্মৰ্তব্য যে দুৰ্নীতিৰ বিৰুদ্ধে অসহিষ্ণু স্থিতি লোৱা অসম চৰকাৰৰ কাৰ্যকালতে এগৰাকী দলীয় নেতা তথা সৎ ঠিকাদাৰে দুৰ্নীতিৰ বিৰুদ্ধে সবল স্থিতি লোৱাৰ বাবেই এনে চৰম অকাল মৃত্যুক সাৱটি ললে। এই হত্যাকাণ্ডই এহাতে এনে এক বাৰ্তাই যেন দি গল যে দুৰ্নীতিৰ বিৰুদ্ধে সবল স্থিতি ললে ভুগিব লাগিব এনে চূড়ান্ত অমানৱীয় শাস্তি।

আনহাতে অসম আৰক্ষীৰ নির্লজ ব্যৰ্থতায়ো প্ৰতীয়মান কৰিছে ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা দিব পৰাকৈ আৰক্ষী পৰিপক্ক নহয়। সোমবাৰে মৃতকৰ ঘৰত উপস্থিত সকলো শোকাৰ্ত নাগৰিকৰ মনত এনে ধাৰণাই পোখা মেলিছে ।

আজিও উদ্ধাৰ নহ'ল ছিন্নমুণ্ড, দুৰ্নীতিৰ বিৰুদ্ধে স্থিতি লোৱাই কাল হ'ল সুনীলৰ!
কন্দলী বাৰেগঞা বিষ্ণু মন্দিৰত দুদিনীয়া ভাগৱত পাঠৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in