/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c3a1c8f6-f02a-489d-86f3-36d13ace1517/3.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ: নগাঁও জিলাৰ বৃহত্তৰ কন্দলী অঞ্চলৰ অনন্ত কন্দলী বাৰেগঞা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে ভাগৱত পাঠ আৰম্ভ হয়। ভাগৱত পাঠৰ বাবে বড়ো,কাৰ্বি, তিৱা, ৰাভা, চাহ জনগোষ্ঠীকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সমিল মিলেৰে বাস কৰা অঞ্চলটো সমন্বয়ৰ এক মিলনভূমিলৈ পৰিণত হৈছে।
শনিবাৰে পুৱাৰে পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সোঁত বোৱা মন্দিৰত ভাগৱত শোভাযাত্ৰা, ভাগৱত স্থাপন,নামপ্ৰসংগ, অঞ্চলৰ মহিলাসকলৰ দ্বাৰা দিহানাম আদি অনুষ্ঠিত হয়। দেওবাৰে বিয়লি এই অনুষ্ঠানৰ সফল সামৰণি পৰে।
Also Read: ৬মাহত সমাধা হ'ব লাগিব হিন্দু-বাঙালী সমস্যাঃ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন