সুনীল হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ...

সুনীল হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ...

author-image
Asomiya Pratidin
New Update
সুনীল হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম আৰক্ষীযে সুনীল হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে। সুনীল গগৈৰ হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ নগদ ৫০ হাজাৰ টকা পুৰস্কাৰ ঘোষণা কৰিছে।

Advertisment

এই খবৰ সঠিক আৰু পৰিশুদ্ধ হব লাগিব। অসম আৰক্ষীয়ে খবৰ দিবলৈ 6026900825 নম্বৰত যোগাযোগ কৰিবলৈ জনাইছে। খবৰ দিওঁতাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব বুলিও উল্লেখ কৰা হৈছে। এই কথা ঘোষণা কৰিলে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে।

উল্লেখযোগ্য যে ২জুনত এক লোমহৰ্ষক বৰ্বৰ হত্যাকাণ্ডই জোকাৰি গৈছিল ঢকুৱাখনা। ঢকুৱাখনা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী ঠিকাদাৰক বৰ্বৰভাৱে হত্যা কৰি বিবস্ত্ৰ কৰি জ্বলাই মূৰ কাটি লৈ গৈছিল। এডৰা পৰিত্যক্ত চুমণীত সাপতিয়া চেতিয়া গাঁওৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ ঠিকাদাৰ, ঢকুৱাখনা মণ্ডল বিজেপিৰ কৃষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈ ওৰফে (গুটিল)ক নিৰ্মমভাৱে হত্যা কৰা হৈছিল।

ঢকুৱাখনাৰ লোমহৰ্ষক হৃদয় বিদাৰক সুনীল গগৈৰ নাৰকীয় হত্যাকাণ্ডৰ তিনিটা দিন উকলিল। এই তিনিটা দিনতো হতাশজনকভাৱে অসম আৰক্ষী সুনীলৰ ছিন্ন মুণ্ড উদ্ধাৰত সক্ষম হোৱা নাই।

Also Read: নগাঁও কলেজ (অট’নমাচ)ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

sunil gogoi murder case lakhimpur police dhakuakhana