নগাঁও কলেজ (অট’নমাচ)ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

নগাঁও কলেজ (অট’নমাচ)ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’নমাচ)ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও কলেজ (অট’নমাচ)ৰ ইক’ক্লাব আৰু এন.এছ.এছ ৰ উদ্যোগত আৰু অসম বিজ্ঞান সমাজ, নগাঁও-কলংপাৰ শাখা আৰু নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস-২০২৪ উদযাপন কৰা হয়। নগাঁও কলেজ (অট’নমাচ) ৰ ইক’ ক্লাৱৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা কাৰ্যসূচীত কলেজৰ অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে সকলোকে আদৰণি জনায় আৰু জৈৱবৈচিত্ৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ কথা অৱগত কৰে।

Advertisment

নগাঁৱৰ বিশিষ্ট পৰিৱেশ কৰ্মী প্ৰশান্ত বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ‘জৈৱবৈচিত্ৰ্যত বন্যজীৱনৰ ভূমিকা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে। এই দিৱসৰ লগত সংগতি ৰাখি ভিডিঅ’ নিৰ্মাণ আৰু পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই কাৰ্যসূচীত কলেজৰ অধ্যাপক-অধ্যাপিকা, শতাধিক ছাত্ৰ-ছাত্ৰী আৰপ এন এছ এছৰ সদস্য উপস্থিত থাকে। পৰিৱেশ সজাগতা বৃদ্ধি আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ সামৰণি পৰে।

Also Read: দৰঙত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভ উদ্ধোধনী...

world environment day nagaon college (autonomous)