২০২৪তেই আপুনি বহু ওপৰলৈ যাবঃ শনিৰ অপাৰ কৃপা এই ৫ৰাশিৰ ওপৰত...

২০২৪তেই আপুনি বহু ওপৰলৈ যাবঃ শনিৰ অপাৰ কৃপা এই ৫ৰাশিৰ ওপৰত...

ডিজিটেল ডেস্কঃ ২০২৪ত বিশেষ ৫টা ৰাশিৰ জাতক-জাতিকাৰ ওপৰত শনিদেৱৰ কৃপা থাকিব। শনি প্ৰসন্ন থকাৰ বাবেই এই ৫টা ৰাশিৰ জাতক-জাতিকাৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰিব। ২০২৪বৰ্ষটোত শনিৰ বিশেষ কৃপা থকা ৰাশি ৫টা হৈছে মেষ, বৃষ,মিথুন, কন্যা আৰু বৃশ্চিক। ২৪বৰ্ষটোত শনিয়ে এই ৫টা ৰাশিৰ ওপৰত কেনেদৰে কৃপা কৰিব জানো আহক-

মেষঃ এই ৰাশিৰ জাতক-জাতিকাক শনিয়ে এই বৰ্ষটোত কেৰিয়াৰত আগবাঢ়ি যোৱাৰ বিশেষ সহায় কৰিব। পদোন্নতি হোৱাৰ যুগ আছে। কোনো বিশেষ চৰকাৰী সুবিধাও লাভ কৰিব পাৰে এই বৰ্ষটোত। এই বৰ্ষটোত ধন খৰচ কৰোতে অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। কোনো ব্যক্তিকে বেয়া শব্দৰ প্ৰয়োগ বা বেয়া ব্যৱহাৰ নকৰিব।

বৃষঃ এই ৰাশিৰ জাতক-জাতিকাসকলে যদিহে কষ্ট কৰে তেন্তে এই বছৰটোত ফল পাবই। ব্যৱসায় কৰা সকলে এই বছৰটোত বিশেষ উন্নতি লাভ কৰিব পাৰে। ব্যৱসায়ত লাভৰ পৰিমাণ বঢ়াৰ লগতে ব্যৱসায়ৰ পৰিসৰো বৃদ্ধি পাব এই বৰ্ষত। কেৰিয়াৰত আগবাঢ়ি যাবলৈ বহু বাটৰ সন্ধান ওলাব এই বছৰটোত।

মিথুনঃ শনিদেৱৰ অপাৰ কৃপাত এই বছৰটোত মিথুন ৰাশিৰ জাতক-জাতিকাৰ হব বহু লাভ। হঠাতে ধন লাভৰ লগতে কোনো পৰীক্ষাতো সফলতা লাভ কৰিব পাৰে এই বছৰটোত। যিকোনো ক্ষেত্ৰতে আপোনাৰ পৰাক্ৰম বৃদ্ধি পাব। ব্যৱসায়ত নতুন চুক্তি সম্পাদনৰ যুগ আছে এই বছৰটোত। আৰ্থিক স্থিতি যথেষ্ট মজবুত হোৱাৰ লগতে আপোনাৰ কোনো চিন্তাৰ বাবে দহৰো মংগল হব পাৰে।

কন্যাঃ শনি দেৱৰ কৃপাত এই ৰাশিৰ জাতক-জাতিকাৰ বেংক বেলেন্স আৰু সম্পত্তি বৃদ্ধিৰ যুগ আছে। হঠাতে ধন লাভ কৰিব পাৰে এই ৰাশি জাতক-জাতিকাসকলে। কোনো চুৰি বস্তু পুনৰ লাভ কৰিব পাৰে। ভাল খবৰো আহিব পাৰে। পৰিবাৰিক ক্ষেত্ৰত শান্তি আৰু সমৃদ্ধিৰ যুগ আছে।

বৃশ্চিকঃ শনিৰ কৃপাৰ আপোনাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ হব। ধনৰ অভাৱ দূৰ হব। চৰকাৰী কোনো কাম সিদ্ধি হোৱাৰ প্ৰৱল সম্ভাৱনা। কোনো কামত যদি বাধা আহি আছে, তেন্তে সেই বাধা আতৰিব। ব্যৱসায়ত লাভৰ পৰিমাণ বাঢ়িব আৰু পৰিয়ালত সুখ-সমৃদ্ধি বৃদ্ধি পাব। কোনো বিশেষ কামত যদি ধন বিনিয়োগ কৰিব বিচাৰে, তেন্তে তাতো সুফল লাভ কৰিব।

২০২৪তেই আপুনি বহু ওপৰলৈ যাবঃ শনিৰ অপাৰ কৃপা এই ৫ৰাশিৰ ওপৰত...
হায় অসম আৰক্ষী! পংখী হত্যাৰ ৰহস্য উদ্ঘাটনত ব্যৰ্থ প্ৰশাসন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in