হায় অসম আৰক্ষী! পংখী হত্যাৰ ৰহস্য উদ্ঘাটনত ব্যৰ্থ প্ৰশাসন...

গায়িকা আৰু নিতিকেশৰ আপত্তিজনক ফটোৰ বাবেই বাঢ়িছিল সংঘাত..
হায় অসম আৰক্ষী! পংখী হত্যাৰ ৰহস্য উদ্ঘাটনত ব্যৰ্থ প্ৰশাসন...

ডিজিটেল সংবাদ,শিৱসাগৰঃ নিতাইপুখুৰীৰ দুৱৰীছিগা গাঁৱৰ পংখী সন্দিকৈক পৰিকল্পিত ভাবে হত্যা কৰা ঘটনাৰ লগত জড়িত আচামীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰক্ষী ৷

প্ৰাপ্ত তথ্য অনুসৰি, পংখী হত্যাৰ একুৰি দিনৰ অন্ততহে আৰক্ষীয়ে নিতিকেশ দাসৰ এ এচ ০৩- এ এফ-৯৯৬০ নম্বৰৰ চুইফ ডিজায়াৰ গাড়ীখন জব্দ কৰিছে ৷ হত্যাকাণ্ডৰ ২০ দিনৰ পিছত জব্দ কৰা গাড়ীখনৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ড সম্পৰ্কীয় তথ্য আহৰণ কৰাটো কিমান সম্ভৱ এই কথা সহজেই অনুমান কৰিব পাৰি ৷

অন্য এক সূত্ৰৰ পৰা জানিব পৰা মতে, আৰক্ষীয়ে পংখীৰ স্বামী নিতিকেশ দাসৰ মোবাইল ফোনটো ইতি পূৰ্বে উদ্ধাৰ কৰিছে ৷ ভাগি যোৱা তথা বিকল মোবাইলটোৰ পৰাও হত্যাকাণ্ডৰ বহু তথ্য উদ্ধাৰ হ’ব বুলি ধাৰণা কৰা হৈছে ৷

কিন্তু নিতিকেশৰ মোবাইলটো কোনে ভাঙিলে বা কি পৰিস্থিতিত ভাগিলে তাৰ ৰহস্য উদ্ঘাটন হোৱা নাই ৷ নিতিকেশৰ এগৰাকী গায়িকাৰে থকা অবৈধ সম্পৰ্কৰ তথ্য, হত্যাকাণ্ডৰ পিছত চিকিৎসক, আৰক্ষী বিষয়া আৰু নামী দামী শিল্পীৰে হোৱা কথোপকথনৰ তথ্য নাইকিয়া কৰাৰ উদ্দেশ্যে মোবাইল ফোনটো ভাঙি দিয়া বুলি কেইবাটাও সংগঠনৰ নেতাই সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং কলিয়ৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা চৰাইদেউ জিলিৰ সাপেখাটি উদয়শ্ৰী মণ্ডলৰ চি আৰ চি চি নিতিকেশ দাসে মীৰদ্বীপ নামৰ এগৰাকী শিল্পীৰ মেনেজাৰ হিচাপেও কাম কৰিছিল ৷ ২০২৩ চনৰ ৩ অক্টোবৰত নিতিকেশে পংখীক বিয়া কৰাইছিল ৷ কিন্তু বিয়াৰ পিছৰে পৰা নিতিকেশে পংখীৰ ওপৰত অত্যাচাৰ অব্যাহত ৰাখিছিল ৷

দিন বাগৰাৰ লগে লগে নিতিকেশৰ অত্যাচাৰ মৰম স্নেহলৈ পৰিবৰ্তন হ’ব বুলি পৰিয়ালৰ লোকে ধাৰণা কৰিছিল যদিও যোৱা ৩ মে’ত পংখীক পৰিকল্পিত ভাবে হত্যা কৰা হ’ল ৷ ইফালে পংখী সন্দিকৈৰ পৰিকল্পিত আৰু নৃশংস হত্যাকাণ্ডৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে দুগৰাকী আৰক্ষী বিষয়াই প্ৰথম অৱস্থাৰে পৰা প্ৰচেষ্টা অব্যাহত ৰখাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে পংখীক হত্যা কৰাৰ তথ্য পৰিবেশ পৰিস্থিতিয়ে স্পষ্ট কৰি দিছে ৷

এক সূত্ৰই জনোৱা মতে হত্যাকাণ্ডৰ আগদিনা অৰ্থাৎ ২ মে’ৰ নিশা ১০.৪০ বজাত পংখীয়ে তেওঁৰ এগৰাকী অন্তৰংগ বান্ধৱীলৈ ফোন কৰি নিতিকেশে নিৰ্মম ভাবে মাৰপিট কৰাৰ কথা অৱগত কৰিছিল ৷ প্ৰতিটো কথাতেই নিতিকেশ চলোৱা অত্যাচাৰত অতিষ্ঠ হৈ পংখীয়ে সাপেখাটিৰ কঠীয়াখুন্দা গাঁৱত থকা নিতিকেশৰ পিতৃ মাতৃৰ ওচৰলৈ গৈ বিবাহ বিচ্ছেদৰ প্ৰসংগ উত্থাপন কৰা কথাও পংখীয়ে বান্ধৱীক জনাইছিল ৷

তাৰ কেইঘন্টামানৰ পিছতেই পংখীৰ মৃতদেহ নামৰূপৰ বি ডি এফ চি এলৰ ভাড়াঘৰত ডিঙিত ৰছী বান্ধি ওলমাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৷ উক্ত নিশা পংখীক নিতিকেশ দাসে গাড়ীৰে সাপেখাটিৰ ঘৰলৈ আনি হত্যা কৰিছিল নে আন স্থানত হত্যা কৰা হৈছিল তাৰ তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰিব পৰা নাই ৷

উল্লেখ্য যে ঘটনৰ লগত জড়িত অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে শিৱসাগৰৰ ১৫ টাকৈ সংগঠনে বাৰম্বাৰ দাবী জনাই আহিছে। এই পৰ্যন্ত আৰক্ষীয়ে সমস্ত ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই ৷ হত্যাকাণ্ডৰ লগত জড়িত মূল অপৰাধীক দ্ৰুত আদালত গঠনৰ যোগেদি বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ বাবে সংগঠন সমূহে দাবী উত্থাপন কৰিছে। চৰকাৰ তথা প্ৰশাসনে এই দাবীৰ প্ৰতিও সঁহাৰি জনোৱা নাই ৷

আনহাতে পংখী সন্দিকৈৰ নৃশংস হত্যাকাণ্ডক আত্মহত্যাৰ ঘটনা বুলি কৈ অপৰাধীক ৰক্ষণাবেক্ষণ দিব বিচৰা দুগৰাকী আৰক্ষী বিষয়া ক্ৰমে নামৰূপ থানাৰ তদন্তকাৰী বিষয়া নীল কমল বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক দ্ৰুণকান্ত দেউৰীৰ বিৰুদ্ধেও আজি পৰ্যন্ত আৰক্ষী বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে শিৱসাগৰৰ দল সংগঠন সমূহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

উল্লেখ্য যে অকালতে প্ৰাণ হেৰুৱা পংখী সন্দিকৈৰ মাতৃ দিপীকা সন্দিকৈ,পিতৃ ভৈৰৱ সন্দিকৈ, ককাদেউতাক লক্ষ্মীনাথ সন্দিকৈৰ উপৰিও পৰিয়ালৰ আন আন লোক সকলে পংখীক স্বামী নিতিকেশ দাসে হত্যা কৰা বুলি বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ ইয়াৰ সমান্তৰালভাৱে এগৰাকী গায়িকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি পংখীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷ উল্লেখ কৰাৰ প্ৰয়োজন যে শিল্পী গৰাকীৰে নিতিকেশৰ অবৈধ সম্পৰ্ক থকাৰ কথা ৰাজহুৱা হৈ পৰিছিল ৷

নিতিকেশ আৰু শিল্পী গৰাকীৰ বহু আপত্তিজনক ফটো এখনৰ পিচত এখনকৈ ৰাজহুৱা হৈছিল ৷ এই বিষয়টোক লৈ পংখী আৰু নিতিকেশৰ সংসাৰলৈ নামি আহিছিল অশান্তি ৷ শিল্পী গৰাকীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলাৰ পথত বাধা দিয়াৰ বাবেই নিতিকেশে পংখীক হত্যা কৰা বুলি পংখীৰ পৰিয়ালে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও আৰক্ষীয়ে পৰিয়ালৰ অভিযোগ গুৰুত্ব সহকাৰে লোৱা নাই ৷

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পংখীৰ এটা দাঁত ভগা আছিল ৷ যদি পংখীয়ে ডিঙিত ছিপ লগায়েই আত্মহত্যা কৰিছিল তেন্তে দাঁতটো কিদৰে ভাগিল! পংখীৰ মুখেদি ৰক্ত নিৰ্গত হৈ থকা অনেক লোকে প্ৰত্যক্ষ কৰিছিল ৷ আনকি এনে ফটো আৰক্ষীৰ হাতত মজুত আছে ৷ ডিঙিত ৰছী বা কাপোৰ বান্ধি ওলমি আত্মহত্যা কৰা লোকৰ মুখেৰে তেজ ওলাইনে বুলি জনসাধাৰণে প্ৰশ্ন কৰিছে ৷

শিৱসাগৰৰ সংগঠন সমূহৰ স্পষ্ট অভিযোগ পংখীৰ মৃত্যু সাধাৰণ মৃত্যু নহয়। এয়া এক পৰিকল্পিত হত্যাকাণ্ড। শীতল মগজুৰে পংখীক হত্যা কৰা হৈছিল ৷ কিন্তু তদন্তকাৰী আৰক্ষী বিষয়াই পক্ষপাতিত্বমূলক নীতি গ্ৰহণ কৰিলে ৷ নিতিকেশ দাসক ৰাইজৰ ৰোষত পৰাৰ আশংকা কৰিহে গ্ৰেপ্তাৰ কৰিলে ৷ তাৰ পিছত নিতিকেশ দাসক জেৰা কৰাৰ বিপৰীতে আদালতত হাজিৰ কৰাই দায়িত্ব সামৰিলে ৷

পংখীৰ স্বামী নিতিকেশৰ সৈতে শিৱসাগৰৰ মঠিয়াছিগা অঞ্চলৰ এগৰাকী নাৰীৰ অবৈধ সম্পৰ্ক থকাৰ কথা স্পষ্ট হৈ পৰিছে ৷ মহিলা কন্ঠশিল্পীয়ে 'তই নিতিকেশৰ সৈতে বিয়াত কিয় বহিলি বুলি' পংখীক ভাবুকি প্ৰদান কৰাৰো অভিযোগ উঠিছে। কিন্তু সকলো জানি শুনিও তদন্তকাৰী বিষয়াই তদন্তৰ আওতাৰ পৰা শিল্পী আৰু মহিলাক ৰেহাই দি তদন্তৰ নামত ভেকোভাওনা কৰাৰ অভিযোগ উঠিছে।

তদন্তকাৰী আৰক্ষী বিষয়াই নাবালিকাৰ যোগেদি শ্ৰুতলিপি দি এজাহাৰ লিখাই পংখী হত্যাক আত্মহত্যাৰ ৰূপ দিব বিচাৰাৰ কথা স্পষ্ট হোৱাৰ পিছতো আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এনে পৰিস্থিতিত পংখীৰ পৰিয়ালে ন্যায় পাবনে নাই তাক লৈ মানুহৰ মাজত সন্দেহ জন্মাতো স্বাভাৱিক ৷

হায় অসম আৰক্ষী! পংখী হত্যাৰ ৰহস্য উদ্ঘাটনত ব্যৰ্থ প্ৰশাসন...
গ্ৰীচৰ এথেন্সত প্ৰদৰ্শিত অনন্যা ভূঞাৰ 'মুখা শিল্প, দ্যা মাস্ক মেকিং ট্ৰেডিচন অফ মাজুলী'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in