তিনিচুকীয়াৰ টাই সংস্কৃতি চর্চা কেন্দ্ৰত ১২ ফুট উচ্চতাৰ চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত টাই সংস্কৃতি চর্চা কেন্দ্রত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা টাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিৱেশন
তিনিচুকীয়াৰ টাই সংস্কৃতি চর্চা কেন্দ্ৰত ১২ ফুট উচ্চতাৰ চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত টাই সংস্কৃতি চর্চা কেন্দ্রত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা টাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিৱেশন । টাই সাংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি বুধবাৰে চাওল্যুং ছ্যু-কা-ফাৰ ১২ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্ত্তি উন্মোচন কৰে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুয়ে ৷

প্ৰতিমূৰ্ত্তি উন্মোচন কৰি মন্ত্ৰী জনাই বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীত অংশগ্ৰহণ কৰাৰ পিছত টাই সংস্কৃতি চৰ্চা কেন্দ্ৰই নিজা পূঁজিৰে সাজি উলিওৱা চাওল্যুং ছ্যু-কা-ফা ৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰি নিজকে সৌভাগ্যবান বুলি মন্তব্য কৰে । আহোমৰ সেনাপতি লাচিত বৰফুকনে যিদৰে শৰাইঘাটৰ ৰণত মোগলক পৰাজয় কৰি কেৱল অসমকেই নহয় দক্ষিণ-পূৱ এচিয়াক মোগলৰ পৰা ৰক্ষা কৰিছিল সেইদৰে চাওল্যুং ছ্যু-কা-ফাই বৰ অসমৰ ভেটি গঢ়ি অসমীয়াৰ শৌৰ্য-বীৰ্য, গুণ-গৰিমা, খ্যাতি-যশস্যা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে।

লগতে কয় যে টাই সংস্কৃতি বিকাশ কেন্দ্ৰক টাই কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ সমান্তৰালকৈ স্বৰ্গদেউজনাক সদায়েই স্মৰণ কৰি যাবলৈ আহ্বান জনায় ৷ বক্তব্যৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে যাতে মহান বীৰসকলক ভালকৈ জানিব পাৰে তাৰ উদ্দেশ্যে 'স্বদেশ' নামৰ এক পাঠ্যক্ৰমৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰে ৷ লগতে আগন্তুক দিনসমূহত মৰাণ, মটককে আদি কৰি সকলো বীৰৰ বিষয়ে নতুন প্ৰজন্মই অধ্যয়ন কৰিব পৰাকৈ ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক কৰা হ’ব বুলি উল্লেখ কৰে ৷

টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সভাপতি মনোজ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত শিক্ষা মন্ত্ৰীগৰাকীয়ে অশ্বিনী কোঁৱৰৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা 'টিংৰাই' নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ ইফালে অধিৱেশনৰ কালিৰ দিনটোত অন্যান্য কাৰ্যসূচীৰ লগতে চাও চেং ৰেণ উন্মোচন কৰে ৰাজহমন্ত্ৰী যোগেন মহনে ৷ আজি নিশালৈ খগেন গগৈ, কুসুম কৈলাশকে মুখ্য কৰি অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অধিৱেশনত সামৰণি পৰিব ।

আৰু পঢ়ক: ৰাজ্যিক পুথিভৰাঁল সেৱা সঞ্চালকে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে হেমকোষৰ ব্ৰেইল সংস্কৰণ...

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in