/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/08bee225-9c0c-43c9-90a7-9a8c82971c4c/hemkosh.jpg)
ডিজিটেল ডেস্ক: সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ ব্যৱস্থাপনাত হেমচন্দ্ৰ বৰুৱা ন্যাসৰ দ্বাৰা প্ৰকাশিত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ ২১ টা খণ্ডৰ সংকলন আজি অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকে গুৱাহাটীৰ ৰাজ্যিত পুথিভঁৰালত আনুষ্ঠানিকভালে গ্ৰহণ কৰে।
সাদিন-প্ৰতিদিনৰ প্ৰকাশক যতীন চৌধুৰীৰ হাতৰ পৰা আজি দুপৰীয়া অনুষ্ঠিত এক চমু অনুষ্ঠানত ভাৰপ্ৰাপ্ত সঞ্চালক বিজয় লক্ষ্মী বৰুৱাই কেওটা খণ্ডৰ সমূহ সংকলন গ্ৰহণ কৰাৰ সময়ত তেওঁৰ সৈতে উপস্থিত আছিল জিলা গ্ৰন্থাগাৰিক ড০ মাহতাব হুচেইন আৰু সহকাৰী ভানু বৰা তামুলীও।
ইফালে ব্ৰেইল সংস্কৰণৰ সংকলন গ্ৰহণ কৰি পুথিভঁৰাল সেৱা সন্থাৰ সঞ্চালক তথা বিষয়া বৰ্গই সাদিন প্ৰতিদিন গোষ্ঠীৰ এনে পদক্ষেপে ৰাজ্যৰ নেত্ৰ শক্তিহীন শিক্ষাৰ্থী আৰু শিক্ষকৰ লগতে অন্যান্য বিশেষভাৱে সক্ষম লোক সকলৰো উপকাৰ সাধিব বুলি আশা ব্যক্ত কৰে। এনে মহৎ কাৰ্যৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীক তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।
আনহাতে সাতগাঁওস্থিত জ্যোতি নিকেতন নামৰ দৃষ্টিহীন বিদ্যালয় খনৰ হৈ অধ্যক্ষইও আজি সাদিন-প্ৰতিদিনৰ প্ৰকাশত যতীন চৌধুৰীৰ পৰা হেমকোষৰ ব্ৰেইল সংস্কৰণৰ ২১ টা খণ্ডৰ সমূহ কপি বিয়লি বিদ্যালয় চৌহদত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।
উল্লেখ্য যে, যোৱা ১৯ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত গুৱাহাটী আৰু কটন বিশ্ববিদ্যালয়ৰ উপৰি মৰাণহাট দৃষ্টিহীন বিদ্যালয় নগাঁওৰ শ্ৰীমন্ত শংকৰদেৱ দৃষ্টিহীন বিদ্যালয় আৰু গুৱাহাটীৰ বশিষ্ঠস্থিত চৰকাৰী দৃষ্টিহীন বিদ্যালয় এই সংস্কৰণ ইউ এছ টি এমৰ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ এচিভাৰ এৱাৰ্ডচ ২০২২ ৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল।
ইয়াৰ দুদিন পিছতেই যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু বিহপুৰীয়া দৃষ্টিহীন বিদ্যালয়েও সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰতিনিধিৰ হাতৰ পৰা এই কপি সমূহ গ্ৰহণ কৰে।