চৰাইদেউত চুকাফা বিশ্ববিদ্যালয়, প্ৰতিমূৰ্ত্তি স্থাপনৰ দাবী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ…

চৰাইদেউত চুকাফা বিশ্ববিদ্যালয়, প্ৰতিমূৰ্ত্তি স্থাপনৰ দাবী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ…

author-image
asomiyapratidin
New Update
চৰাইদেউত চুকাফা বিশ্ববিদ্যালয়, প্ৰতিমূৰ্ত্তি স্থাপনৰ দাবী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ…

ডিজিটেল সংবাদ,চৰাইদেউঃ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাত বৰঅসম ভেটি স্থাপন স্বৰ্গদেউ চাওলুং চুকাফা নামত এখন বিশ্ববিদ্যালয় আৰু এটি চুকাফা প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে আজি সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এক স্মাৰকপ্ৰত্ৰ প্ৰদান কৰে ৷

ক্লিক কৰি পঢ়কঃ পাচলিৰ পোহাৰিৰ আগত বৰমতা! তেল ডিপো, ফাৰ্মাচী, হস্পাতাল-শ্বপিং মলত কাৰো নাই মাত…

বিধায়ক কোঁৱৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে , চৰাইদেউ জিলাত এখন চুকাফা বিশ্ববিদ্যালয় আৰু ঐতিহাসিক লাংকুৰি দেওশালত এটি চুকাফাৰ প্ৰতিমুৰ্ত্তী স্থাপন কৰাৰ বাবে এই পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকী আহ্বান জনায় ৷ ইয়াৰ পূৰ্বেও তেওঁ বিধানসভাৰ মজিয়াত এই বিষয়ে উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীক দৃষ্টি গোচৰ কৰিছিল ৷

assam himanta biswa sarma india sivsagar