পাচলিৰ পোহাৰিৰ আগত বৰমতা! তেল ডিপো, ফাৰ্মাচী, হস্পাতাল-শ্বপিং মলত কাৰো নাই মাত…

পাচলিৰ পোহাৰিৰ আগত বৰমতা! তেল ডিপো, ফাৰ্মাচী, হস্পাতাল-শ্বপিং মলত কাৰো নাই মাত…

ডিজিটেল ডেস্কঃ বজাৰত মূল্যবৃদ্ধিৰ জুই- সংবাদ মাধ্যমত সততেই উচ্চাৰিত এটা শব্দ। নিৰ্বাচনকে ধৰি বিভিন্ন সময়ত ৰাজনৈতিক দলবোৰেও দ্ৰব্য মূল্যৰ জুইক নিৰ্বাচনী ইচ্ছ্যুৰূপে ব্যৱহাৰ কৰে। কিন্তু এইবাৰৰ মূল্যবৃদ্ধিৰ জুই কেৱল নিৰ্বাচনী ইচ্ছ্যু বা প্ৰতিবাদৰ শ্লোগান নহয়। কোভিডকালীন সময়ৰ পৰা বৰ্তমানলৈ অসমৰ বজাৰত ঔষধৰ পৰা পাচলিলৈ হোৰাহোৰে বৃদ্ধি পোৱা মূল্যৰ জুই দাউদাউকৈ জ্বলিছে।

অতি হাস্যকৰভাৱে কোভিডত ক্ষতিগ্ৰস্ত ৰাইজক আৰ্থিক সকাহ দিয়াৰ বাবে চৰকাৰে বিভিন্ন উপভোক্তা আচনি ঘোষণাৰ সমান্তৰালভাৱে অত্যাৱশকীয় ৰন্ধন গেছ, পেট্ৰল-ডিজেলকে ধৰি সকলোধৰণৰ পেট্ৰলজাত সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ দাম বহুগুণ বৃদ্ধি কৰিছে। ইয়াৰে সুযোগ লৈ আকৌ খাদ্য সামগ্ৰীৰ পৰা ঔষধ আৰু স্বাস্থ্য পৰীক্ষণ সজুলিৰ বজাৰখনৰ মূল্য কাৰো নিয়ন্ত্ৰণতে নাই।

বিধি অনুযায়ী এইবোৰৰ মূল্য, মান আৰু পৰিমাপ পৰীক্ষণৰ বাবে এক ব্যৱস্থা নামত আছে যদিও কামত ইয়াৰ অস্তিত্ব দেখিবলৈ পোৱা নাযায়। আচৰিত কখাটো হ'ল খাদ্য আৰু অসামৰিক যোগান বিভাগেই হওঁক অথবা গ্ৰাহক ৰাইজেই হওঁক মাছ আৰু পাচলিৰ দামক লৈহে তেওঁলোক বৰমতা হৈ চিঞৰ-বাখৰ কৰিব পাৰে। ঔষধৰ দোকানত কিদৰে চৰকাৰৰ লগতে একাংশ ফাৰ্মাচীয়ে দেখা-দেখিকৈ ডকাইটি চলাইছে, একেদৰে গেলামালৰ দোকানত সৰ্বসাধাৰণ গ্ৰাহক দিন-দুপৰতে লুন্ঠিত হৈছে।

তাৰ খবৰ চৰকাৰৰ হাততো নাই, মূল্যবৃদ্ধিক লৈ চিঞৰ-বাখৰ কৰা সকলৰ হাততো নাই। আমি চমু এই প্ৰতিবেদনত কেইবিধমান মাত্ৰ সামগ্ৰীৰ প্ৰকৃত দাম আৰু গ্ৰাহকে ভৰিবলগীয়া হোৱা দামৰ মাজৰ আকাশ-পাতাল পাৰ্থক্যৰ কথা উল্লেখ কৰিবলৈ বিচাৰিছো। যোৱা ১০টা দিনতে ৯০টকাত পোৱা পেট্ৰল লখিমপুৰৰ মানুহে লখিমপুৰৰ মানুহে ১০২টকাত কিনিব লগা হৈছে। চৰকাৰৰ মতে আকৌ বৃদ্ধি পোৱা মূল্যৰ পৰিমাণ মাত্ৰ ৫টকা। ৰন্ধন গেছৰ দাম চৰকাৰে প্ৰায় ১৫০টকা বৃদ্ধি কৰিছে কিন্তু গ্ৰাহকে প্ৰতিটো ডমেষ্টিক চিলিণ্ডাৰৰ বিপৰীতে ডেলিভাৰী বয়ক ১০১০টকা দিব লগা হৈছে।

যিটো হব লাগিছিল দৰাচলতে হব লাগিছিল ৯০০টকা। ইয়াতকৈ ভয়ংকৰ কথাটো হল কোভিডে তীব্ৰ ৰূপ ধাৰণ কৰাৰে পৰা এতিয়ালৈকে বিশেষ কিছু সামগ্ৰীৰ ক্ষেত্ৰত ফাৰ্মাচীসমূহে যি মন যায় সেই দামেই গ্ৰাহকৰ পৰা আদায় কৰিছে। ইয়াৰ সুযোগ উলিয়াই দিছে প্ৰতিবিধ ঔষধ তথা স্বাস্থ্য পৰীক্ষণ সজুঁলিৰ মূল্য-মান নিৰ্ধাৰণ কৰি এয়া ছপা কৰি দিয়া কাৰ্য নিৰীক্ষণ কৰিবলগা সংস্থাসমূহে।

উদাহৰণস্বৰূপে- কোভিডকালীন এই সময়চোৱাত সৰ্বাধিক বিক্ৰী হোৱা কিছুমান সজুঁলি আৰু ঔষধ হল- অক্সিমিটাৰ, পি পি ই কিট, চেনিটাইজাৰ, কেন অক্সিজেন, মাক্স, জিংকভিট কেপচুল, লিমচিম, কেলপলকে ধৰি পেৰাচিটামল টেবলেট আদি। আশ্চৰ্যজনক কথা যে, কোনো প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা একোটা অক্সিমিটাৰৰ পেকেটৰ ওপৰত প্ৰিন্টেড এম আৰ পিৰ বিপৰীতে ছীল মৰা মূল্য যদি লিখা আছে ৩৯৯৯টকা, তেনেহলে সেই অক্সিমিটাৰটো ফাৰ্মাচিষ্টে আকৌ দৰ-দাম কৰা গ্ৰাহকক ২০০০টকাটো বিক্ৰী কৰিছে। ইয়াৰ বিপৰীতে যিসকলে দৰ-দাম কৰিব নোৱাৰে বা ঘৰত বয়সস্থ ব্যক্তি অসুস্থ হৈ আছে সেয়ে লৰালৰিকৈ তেওঁৰ অক্সিজেনৰ পৰিমাণ জোখাতো দৰকাৰ তেনেলোকে ফাৰ্মাচীয়ে বিচৰা ধৰণেই এজনে ২০০০টকাত কিনা অক্সিমিটাৰটোকে ৪০০০টকা দি কিনি নিছে।

সেইদৰে কোভিডৰ সময়চোৱাত পান-৪০, পেন্টচডিড-ডি এছ আৰ আদি ঔষধৰ দাম দুগুণ অথাত এশ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে যদিও দৰ-দাম কৰা গ্ৰাহকক ফাৰ্মাচিষ্টে ৫০শতাংশ ৰেহাই দি গোচৰৰ হাত সৰাৰ কৌশল অৱলম্বন কৰি চলিছে। চাৰ্জিকেল মাক্স এটাৰ প্ৰকৃত দাম ২টকা যদিও পাণ, কাপোৰৰ দোকান সকলোতে সহজলভ্য হৈ পৰা এই মাস্কবোৰ দেখা-শুনাকৈয়ে ১০-২০টকা মানুহে ক্ৰয় কৰিব লগাত পৰিছে। সেইদৰে ১০০গ্ৰাম চেনিটাইজাৰ বটল এটাৰ প্ৰকৃত দাম যদিও ২০টকা, সেয়া ৭০টকাত কিনিব লগা হৈছে। এনে সামগ্ৰীবোৰ কিহৰ ভিত্তিত, কাৰ অনুজ্ঞাপত্ৰ লৈ পাণ, কাপোৰৰ লগতে ফুটপাথৰ দোকানত বিক্ৰী কৰাটো সম্ভৱ হৈছে, সেয়া কিয় চৰকাৰে দেখা নাই ই এক ৰহস্যৰ বিষয়।

চৰকাৰৰ দৰমহাৰ লগতে ফাৰ্মাচীৰ ভোজ খাই পেটুৱা ড্ৰাগ ইন্সপেক্টৰ সকলৰ বাবে কোভিড পৰিস্থিতি এতিয়া মাছৰ উজান উঠা বতৰৰ দৰে হৈছেগৈ। গেলামালৰ দোকানলৈ গলে দেখা যাব ২০২১চনত ১৩০টকাত বিক্ৰী হোৱা ধাৰা ৰিফাইনৰ পেকেটটোত এতিয়া ২৩০টকাৰ পৰা ২৫০টকাৰ ছীল মৰা থাকে। সেইদৰে আৰ্শীবাদৰ দৰে ২কিলোৰ আটাৰ পেকেটটোত ৫০টকাৰ বিপৰীতে ৯০-৯৬টকা বুলি ছীল মৰা থাকে। আধা লিটাৰৰ ধাৰাৰ মিঠাতেলৰ পেকেটৰো ছপা মূল্য ১০৯টকা।

৪০০গ্ৰামৰ এভ্ৰিডেৰ পাউদাৰ গাখীৰৰ পেকেটটোত এ আৰ পি বুলি থকা ছপাৰ বিপৰীতে ওপৰোৱাকৈ লগোৱা লেবেলত লিখি থোৱা থাকে ২০০টকা। সচেতন গ্ৰাহক দেখিলেই এনেবোৰ সামগ্ৰীত ১০-২০টকাকৈ ৰেহাই দি তেনে গ্ৰাহকক সন্তুষ্ট ৰখা চতুৰ দোকানীয়ে সৰ্বসাধাৰণৰ পৰা পিছে এনেবোৰ সামগ্ৰীৰ ক্ষেত্ৰত লেবেল মাৰি থোৱা মূল্যটোৱেই সম্পূৰ্ণকৈ আদায় কৰে।

প্ৰশ্ন হয়, এইবোৰ সামগ্ৰীৰ মূল্য পূৰ্বে নিৰ্দিষ্ট বৰ্ডত স্পষ্টভাৱে লিখি থোৱাৰ যি নিয়ম আছিল অথবা প্ৰতিখন ফাৰ্মাচীত ঔষধৰ মান-মূল্য হেৰাফেৰীৰ পৰ্যবেক্ষণৰ বাবে ঔষধ পৰিদৰ্শকসকলে ভিজিট কৰাৰ লগতে পৰিমাপ বিভাগ, চৰকাৰী স্বাস্থ্য সংস্থা আদিৰ লগতে জিলা প্ৰশাসনেও এইবোৰ পৰীক্ষা কৰাৰ নিয়ম আছিল যদিও এতিয়া তাৰ কোনো অস্তিত্ব নাই। চৰকাৰে মদৰ দাম হোৰাহোৰে কমাইছে আৰু ঔষধ তথা অত্যাৱশকীয় সামগ্ৰীৰ মূল্য কেইবাগুণো বৃদ্ধি কৰি মাধমাৰ শোধাইছে। আৰু কেৱল দল-সংগঠন সমূহে পাচলি-মাছৰ বজাৰত হৈ হুলস্থুল কৰি আছে।

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে উবেৰৰ ভাড়াৰ পৰা নিৰ্মাণ সামগ্ৰীৰ দামলৈকে কেইবাগুণো বৃদ্ধি পোৱা বুলি দিয়া যুক্তি সকলোৱে যেন মানি লৈ চৰকাৰ, সংশ্লিষ্ট বিভাগ আৰু বণিয়া গোষ্ঠীক অবাধে লুট-পাত চলোৱাৰ লাইচেন্সহে প্ৰদান কৰিছে। মাছৰ ডাম লৈ অথবা পাচলিৰ পোহাৰি লৈ অহা সকলৰ সন্মুখত আমি সকলো বৰমতা কিন্তু পেট্ৰল ডিপো, ফাৰ্মাচী, হস্পাতাল, ডাঙৰ উলা-উবেৰ, ডিজিটেল শ্বপিং মলৰ পৰা গ্ৰচাৰীৰ বৃহত দোকানলৈকে একেবোৰ বৰমতাই নেগুৰ পেলোৱা পোহনীয়া জীৱ এটালৈ পৰিণত হোৱা মৰ্মান্তিক পৰিণতিতেই ৰাজ্যৰ সমগ্ৰ বজাৰত এনেদৰে লুটপাত চলি আছে। যোৱা ১০টা দিনত বিধানসভাত মূল্যবৃদ্ধিক লৈ হৈ চৈ কৰা সকলো কাইলৈৰ পৰা শুই থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in