নিখিল বড়ো সাংস্কৃতিক মঞ্চ আৰু মহিলা কল্যাণ পৰিষদৰ অধিৱেশনৰ সফল সামৰণি

নিখিল বড়ো সাংস্কৃতিক মঞ্চ আৰু মহিলা কল্যাণ পৰিষদৰ অধিৱেশনৰ সফল সামৰণি

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলাৰ চিমেন চাপৰি সতীশ বসুমতাৰী বড়ো হাইস্কুল খেলপথাৰত ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণিল আৰু বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা দুলাৰাই বড়ো হাৰিমু আফাড( নিখিল বড়ো সাংস্কৃতিক মঞ্চ)ৰ ১৯ সংখ্যক আৰু আবৌফ (নিখিল বড়ো মহিলা কল্যাণ পৰিষদ)ৰ ১৭ সংখ্যক অধিৱেশনৰ বুধবাৰে সফল সামৰণি পৰে ৷

অধিৱেশনৰ অন্তিমদিনা পুৱা ৭-৩০ বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি কৰে বি কে ডব্লিউ এ চিৰ ই এম অনিল বসুমতাৰীয়ে। পুৱা ৯ বজাত কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানৰ উদ্ধোধন কৰে বি কে ডব্লিউ এ চিৰ ডেপুটি ছীফ ৰোমিঅ নাৰ্জাৰীয়ে।

দিনৰ ১১ বজাত যোগেশ্বৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাখন উদ্ধোধন কৰি বি কে ডব্লিউ এ চিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে কয় বড়ো জাতি গঠনত নিখিল বড়ো হাৰিমু আফাড আৰু আবৌফে নিৰৱচিন্নভাৱে ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি জাতীয় পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰি ৰাখিবলৈ জাতিটোৰ সকলো শ্ৰেণীৰ ৰাইজে ঐক্যৱদ্ধভাৱে আগবাঢ়ি আহিব লাগিব বুলি বক্তব্য ৰাখে।

অভ্যৰ্থনা সমিতিৰ সভাপতি ললিত চন্দ্ৰ বড়োয়ে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োয়ে কয় বড়ো সকলৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু উন্নয়নৰ বাবে ১৯৫২ চনত বড়ো সাহিত্য সভা গঠন হৈছিল আৰু ইয়াৰ পাছত নিখিল বড়ো ছাত্র সন্থা প্ৰতিষ্ঠা হৈছিল। এবছুয়ে প্ৰতিষ্ঠা কালৰে পৰা বড়ো সকলৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আদি দিশৰ উত্তৰণৰ বাবে বলিষ্ঠভাৱে কাম কৰি আহিছে।

তাৰ পৰৱৰ্তীকালত গঠন হোৱা নিখিল বড়ো সাংস্কৃতিক মঞ্চই বড়ো সকলৰ নৃত্য, গীত, কৃষ্টি-সংস্কৃতিৰ বিজ্ঞানসন্মত চৰ্চ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰি বড়ো জাতিৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে। বড়ো জাতিৰ মাজত জাতীয় চেতনা জগাই তুলি জাতীয় সত্তা শক্তিশালী কৰা ক্ষেত্ৰত বড়ো হাৰিমু আফাডে নিৰলসভাৱে দায়িত্ব পালন কৰি গৈছে বুলি উনুকিয়াই আবৌফ তথা নিখিল বড়ো মহিলা কল্যাণ পৰিষদে বড়োলেণ্ড আন্দোলনত জন্ম লগ্নৰে পৰা জাতীয় দায়িত্ব গ্ৰহণ কৰি আহিছে বুলি বক্তব্য দাঙি ধৰে।

বড়ো সকলৰ জাতীয় সংগঠনসমূহৰ সমূহীয়া প্ৰচেষ্টাৰ ফলতে বড়োসকল আজি এই পৰ্য্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে বুলি মন্তব্য ৰাখি বিটিআৰ আৰু বি কে ডব্লিউ এ চিৰে ঐক্যবদ্ধ হৈ জাতিৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি ভাষন আগবঢ়ায়। সভাত বিশেষ সন্মানীয় অতিথি হিচাপে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে কয় বড়ো সকলে দীৰ্ঘ বছৰ ধৰি আত্মনিয়ন্ত্ৰণৰ আন্দোলন কৰি আহিছে। সেই আন্দোলনত বহু সংগ্ৰামী নেতৃত্ব শ্বহীদ হ'ব লগা হ'ল আৰু হাজাৰ হাজাৰ জনে নিৰ্যাতনৰ বলী হ'ব লগা হ'ল।

বহু ত্যাগৰ বিনিময়ত আজি বহু সকলে সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত স্বায়ত্ত শাসন লাভ কৰিছে।বড়ো ভাষাৰ স্বীকৃতিৰ বাবে হোৱা আন্দোলনত ১৮ জনকৈ শ্বহীদ হ'ব লগা হ'ল।অৱশেষত বড়ো ভাষাই ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হ'ল।এতিয়া বড়ো সকলে ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰতিষ্ঠা হৈছে।এতিয়া অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে বৌদ্ধিক দিশত শক্তিশালী হ'বলৈ চেষ্টা চলাব লাগিব বুলি বক্তব্য দাঙি ধৰি ইতিমধ্যে অসম চৰকাৰে নাগৰিক সমাজত প্ৰভাৱ পেলোৱা সেৱা আগবঢ়োৱা ব্যক্তিক সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি উনুকিয়াই বৰ্তমান প্ৰতিযোগিতাৰ যুগ,সেয়ে কৰ্মৰ জৰিয়তে সদায় নিজক উচ্চ স্থানত ৰাখিবলৈ সংকল্প গ্ৰহণ কৰিব লাগে বুলি ভাষন আগবঢ়ায়।

মুকলি সভাত সন্মানিত অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ নাৰী কয়ু সমষ্টিৰ বিধায়ক কেন্ট ৰীণা, জয়ন্ত বড়ো,বিকেডব্লিউএচিৰ ডেপুটি ছীফ ৰোমিঅ নাৰ্জাৰী, ইএম অনিল বসুমতাৰী ,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী,প্ৰভাত বসুমতাৰী প্ৰমুখ্যে বড়ো জাতীয় সংগঠনৰ বহু সংখ্যক নেতা উপস্থিত থাকে।মুকলি সভাত বড়ো হাৰিমু আফাডৰ তৰফৰ পৰা দেবেন ব্ৰহ্মক জহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটা আৰু ৰজনী স্বৰ্গীয়াৰীক ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰাপক দুগৰাকীক আৰ'নাই, মানপত্ৰ আৰু নগদ ধন আগবঢ়ায়। সন্ধিয়া ৬ বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়ে।সাংস্কৃতিক অনুষ্ঠানত ডিআইডি লিটল মাষ্টাৰ চেম্পিয়ন নৱজিৎ নাৰ্জাৰী উপস্থিত থাকে আৰু গীত পৰিৱেশন কৰে অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,জনপ্ৰিয় কন্ঠশিল্পী সুলেখা বসুমতাৰী, বিগ্ৰাই ব্ৰহ্মই।

কালি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত পুনৰ যোগেশ্বৰ ব্ৰহ্মক সভাপতি, দেবেন্দ্ৰ ব্ৰহ্ম,যোগেন দৈমাৰী,বিনন্দ মুছাহাৰীক উপ সভাপতি, বিজুয়েল নেলছন দৈমাৰীক পুনৰ সাধাৰণ সম্পাদক, স্বপন কুমাৰ নাৰ্জাৰীক যুটীয়া সম্পাদক, চক্ৰধৰ নাৰ্জাৰীক সম্পাদক, ধীৰেণ ৰামচিয়াৰীক কৰ্মশালা প্ৰশিক্ষক হিচাপে লৈ পঞ্চলিছ জনীয়াকৈ নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ নতুন কাৰ্য্যকৰী সমিতিখন গঠন কৰে।

আনহাতে প্ৰতিনিধি সভাত দিপালী নাৰ্জাৰীক পুনৰ সভানেত্ৰী, বিজুলী নাৰ্জাৰী,পুলনী ব্ৰহ্মক উপ সভানেত্ৰী, মঞ্জুৰী বড়োক পুনৰ সাধাৰণ সম্পাদিকা, আলাৰী ব্ৰহ্মক যুটীয়া সম্পাদিকা,ৰাজশ্ৰী বসুমতাৰীক সম্পাদিকা হিচাপে লৈ ৩৮ জনীয়াকৈ আবৌফৰ নতুন কাৰ্য্যকৰী সমিতিখন গঠন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in