/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/abcc81bd-22e8-447c-8c58-bfef53619a5a/klo.jpg)
বিবৃতি
ডিজিটেল সংবাদ, চিৰাংঃ অবিভক্ত গোৱালপাৰা জিলাক প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত চামিল কৰাৰ দাবী সদৌ বিটিআৰ কোচ-ৰাজবংশী সন্মিলনীৰ। কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব সুৰক্ষাৰ বাবে সশস্ত্ৰ সংগ্ৰাম কৰি অহা কে এল অ'ই কেন্দ্ৰ চৰকাৰৰ সৈতে শান্তি চুক্তি সম্পাদনা কৰাৰ বাবে আগবাঢ়ি অহা কাৰ্যক সদৌ বিটিআৰ কোচ ৰাজবংশী সন্মিলনীয়ে আন্তৰিকভাৱে আদৰণি জনায় ।
সদৌ বিটিআৰ কোচ-ৰাজবংশী সন্মিলনীৰ উপদেষ্টা নিৰেন চন্দ্ৰ ৰায় আৰু ভাৰপ্রাপ্ত সম্পাদক নিভাষ চৌধুৰীয়ে বুধবাৰে এক প্ৰেছ বিবৃতি প্রকাশ কৰি কয় কয় যে নামনি অসমত বসবাস কৰা ভূমিপুত্র কোচ ৰাজবংশী লোকসকলে সুদীর্ঘ ৭০ বছৰে অসমৰ একাংশ বুদ্ধিজীৱিৰ উগ্ৰ জাতীয়তাবাদ আৰু চৰকাৰী ষড়যন্ত্রৰ বলি হৈ ভাষা, শৈক্ষিক , আর্থিক, ৰাজনৈতিক দিশত উপেক্ষিত হ'ব লগা হৈছে।
নিজৰ সকলো থকা স্বত্বেও জাতিটোৱে সর্বস্ব হেৰুৱাই আজি দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে দুৰ্বিহ জীৱন যাপন কৰিব লগাত পৰিছে। তেনে ষড়যন্ত্রৰ পৰা পৰিত্ৰাণ ও জাতিটোৰ উত্তৰণৰ বাবে জাতিটোৱে গণতান্ত্রিক ভাবে অন্দোলন কৰি আহিছে। ভূমিপুত্র কোচ- ৰাজবংশীসকলৰ স্বাৰ্থৰ বাবে নিজৰ জীবন উছৰ্গা কৰি জাতিটোৰ উত্তৰণৰ বাবে সশস্ত্ৰ সংগ্রাম কৰা কে এল অ' নেতৃবৃন্দই ভাৰত চৰকাৰৰ লগত শান্তি চুক্তি সম্পাদনা কৰাৰ বাবে আগবাঢ়ি অহাত কে এল অ' নেতৃবৃন্দক আন্তৰিকভাৱে আদৰণি জনায় সদৌ বিটিআৰ কোচ ৰাজবংশী সন্মিলনীয়ে ।
বিজ্ঞপ্তি যোগে সম্মিলনীয়ে অবিভক্ত গোৱালপাৰা জিলা চন ১৯৪৯ চনৰ ২৮ আগষ্টত মাৰ্জাৰ চুক্তি মতে - ভাৰতত চামিল কৰিছিল সেই মতে কমতাপুৰ কেন্দ্রীয় শাসিত অঞ্চলত অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী জনায়। কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভূমিপুত্র কোচ ৰাজবংশী লোকসকলৰ সাংবিধানিক সুৰক্ষা কবচ ভৈয়াম জনজাতি ৰূপে স্বীকৃতি দিয়াৰ বাবে তৎকালীন কাৰ্য ব্যৱস্থা গ্রহণ সাপেক্ষে এক শান্তি আলোচনাত স্থান দি সমস্যাৰ সমাধান কৰাৰ বাবে সন্থাই আহ্বান জনায় ।