/asomiyapratidin/media/media_files/2025/02/10/9Td5bdFtSbjJrMxbqddI.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম সোণোৱাল কছাৰীসকলৰ “সোনোৱাল কছাৰী সাহিত্য সভা”ৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনৰ সফলতাৰে সামৰণি পৰে৷ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে দেওবাৰে সফলভাৱে সামৰণি পৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশনৰ ।
দেওবাৰে ভোগালী সমন্বয় ক্ষেত্ৰৰ পৰা চেঙেলী পথাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে দুপৰীয়া ১২ বজাত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ সোনোৱাল কছাৰীসকলৰ “সোনোৱালী” অৰ্থাৎ হালধীয়া আৰু সেউজীয়া পাৰি দিয়া গামোচাৰে সমগ্ৰ ভোগালী সমন্বয় ক্ষেত্ৰ হালধীয়া পৰিৱেশ হোৱা লগতে উৎসৱমুখৰ হৈ পৰে ৷
বিভিন্ন জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা নেত্ৰকাইখ্যাত অৰুণ হাজৰিকাই ৷ এই শোভাযাত্ৰাত বিশিষ্ট শিল্পী জয়ন্ত সোনোৱালে বিশেষভাৱে অংশগ্ৰহণ কৰি সমবেত ৰাইজক উৎসাহিত কৰে ৷ তিনি হাজাৰৰো অধিক কছাৰী জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰাৰ উপৰি মিচিং, দেউৰী, গাৰো আদি সম্প্ৰদায় তথা জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷
ইফালে বিয়লি ৩ বজাৰপৰা সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি টংকেশ্বৰ সোনোৱালে ৷ আদৰণি ভাষণত অভ্যৰ্থনা সমিতিৰ সভাপতি গৰাকীয়ে সোনোৱাল কছাৰী জনগোষ্ঠীটোৱে ভাষা সংস্কৃতিকে ধৰি বিভিন্ন উন্নয়নমূলক কাম-কাজত কেনেদৰে আগবাঢ়ি গৈছে ইয়াৰ বিষয়ে অৱগত কৰে ৷
অধিৱেশন উপলক্ষে ড° নন্দিনী ডেকাৰ সম্পাদনাত প্ৰকাশ কৰা উলিওৱা “স্বৰ্ণৰেঘা” নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই ৷ উন্মোচনী ভাষণত তেওঁ সোনোৱাল কছাৰী সাহিত্য সভাই জন্মলগ্নৰে পৰা নিজৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু সমাজ তথা জাতিটোৰ উত্তৰণৰ হকে কাম কৰি অহাৰ কথা উল্লেখ কৰি সোনোৱাল কছাৰী সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰে ৷
সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° পল্লবী ডেকা বুজৰবৰুৱাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বহুমূলীয়া ভাষণ প্ৰদান কৰে ৷ কুসুম সোনোৱাল আৰু উমেশ চন্দ্ৰ সোনোৱালে সম্পাদনা কৰা সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখপত্ৰ “হালালী” উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে ৷ গ্ৰন্থ উন্মোচনী ভাষণত পঞ্জীয়ক সোনোৱালে নিজৰ নিজৰ জনগোষ্ঠী সমূহৰ ভাষা সংস্কৃতিৰ আগুৱাই নিয়া বাবে অন্যান্য জনগোষ্ঠী সমূহৰ লগতে সোনোৱাল কছাৰী সাহিত্য সভাই লোৱা পদক্ষেপক প্ৰশংসা কৰে ৷
সভাত মোহন সোনোৱালে লিখা সোনোৱাল কছাৰী সাহিত্য সংস্কৃতি আৰু জীৱন পৰিক্ৰমা গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী পুষ্পা গগৈয়ে ৷ আদিত্য কুমাৰ সোনোৱালে লিখা ভলুকা বাহঁৰ এছাৰি গ্ৰন্থ উন্মোচন কৰে সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্হাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱালে ৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে বক্তব্যৰ আৰম্ভণিতে সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিনিধি সভাই শনিবাৰে অহা দুটা বৰ্ষৰ বাবে নিবাৰ্চিত কৰা নৱনিবাৰ্চিত সভাপতি প্ৰশান্ত কুমৰাল আৰু মুখ্য সম্পাদক মৃদুল সোনোৱালৰ সৈতে সমিতিখনৰ বিষয়ববীয়া সকলোলৈকে অভিনন্দন জনাই সোনোৱাল কছাৰী জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিৰ বিকাশ আৰু উত্তৰণৰ বাবে কাম কৰি যোৱাৰ আশা প্ৰকাশ কৰে ৷
অনুষ্ঠানত আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, সোনোৱাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং আৰু সম্পাদক পৰীক্ষিত সোনোৱাল, টিএমপিকেৰ সাধাৰণ সম্পাদক চান পাংগিং, পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙীয়া, সমাজসেৱক বাবুল সোনোৱাল , সোনোৱাল কছাৰী কালচাৰেল ছ'চাইটিৰ অধ্যক্ষ ভূৱন চন্দ্ৰ বড়া ,খ্ৰীং খ্ৰীং বাইথ মন্দিৰ পৰিচালনা সমিতিৰ বিচিত্ৰ সোনোৱাল ,সোনোৱাল ভাষাত কথা-বতৰা প্ৰতিষ্ঠানৰ সভাপতি ৰাজু সোনোৱাল ,সদৌ অসম ছাত্ৰ সন্হাৰ কাৰ্য্যনিৰ্বাহক বিকাশ মিছং ,সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য বিজয় শইকীয়া ,সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্হাৰ সম্পাদিকা লাৱন্য৷ সোনোৱাল , সোনোৱাল কছাৰী যুৱ মঞ্চৰ সম্পাদক জিতুলৰাজ সোনোৱালকে মুখ্য কৰি ভালেসংখ্যক দল সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে ৷
অধিৱেশন উপলক্ষে সোণোৱাল কছাৰীসকলৰ সংস্কৃতিক প্ৰতিফলিত কৰা আটক ধুনীয়া তোৰণ, পতাকা উত্তোলন থলী, শ্বহীদ বেদীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷ সোণোৱাল কছাৰীসকলৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু সাধনাৰ গতিধাৰাক অধিক উন্নত, প্রাণৱন্ত আৰু সৃষ্টিশীল কৰাৰ প্ৰয়াসেৰে ২০১৭ চনৰ ১৩ মে'ত ডিব্ৰুগড়ত গঠিত হৈছিল সোণোৱাল কছাৰী সাহিত্য সভা। সোণোৱাল কছাৰী সাহিত্য সভাই জন্মলগ্নৰে পৰা সোণোৱাল কছাৰীৰ সমাজ, ভাষা-সাহিত্য-সংস্কৃতি আদি বিভিন্ন দিশত জাতিটোৰ উত্তৰণৰ বাবে কাম কৰি আহিছে।
উল্লেখ্য যে পৰবৰ্তী সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি হিচাপে প্ৰশান্ত কুমৰাল আৰু মুখ্য সম্পাদক হিচাপে মৃদুল সোনোৱালকে ধৰি ৪১ খন সমিতি গঠন কৰা হয় ৷