/asomiyapratidin/media/media_files/2025/05/21/bJ7mZBjGzwI7C1OVLAa1.jpg)
ডিজিটেল ডেস্ক : খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ উৎপাদনত পি এল আই আঁচনিয়ে এতিয়ালৈকে ৭ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিছে। তাৰোপৰি ২.৫ লাখৰো অধিকক নিয়োগৰ সুবিধা প্ৰদান কৰিছে। – মঙলবাৰে এই তথ্য সদৰী কৰে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ।
উল্লেখযোগ্য যে, ফি চি চিৰ এক অনুষ্ঠানত যুটীয়া সঞ্চালক ৰঞ্জিত সিঙে এই সম্পৰ্কত কয় যে, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয় ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ পৰিৱেশতন্ত্ৰক ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিত অটল আছে। আজিলৈকে মন্ত্ৰালয়ে প্ৰায় ১৬০০টা প্ৰকল্পৰ বাবে ধন আগবঢ়াইছে। যাৰ ফলত ৪১ লাখ টন খাদ্য প্ৰক্ৰিয়াকৰণ ক্ষমতা সৃষ্টি হৈছে আৰু প্ৰায় ৯ লাখ কৃষক উপকৃত হৈছে।
লগতে তেওঁ কয় যে, এটা শক্তিশালী আৰু সমৃদ্ধিশালী খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডই কৃষকৰ বাবে উন্নত লাভ নিশ্চিত কৰে। একেদৰে নিয়োগৰ সুযোগ বৃদ্ধি কৰে আৰু ৰপ্তানিৰ ৰাজহ বৃদ্ধি কৰে। এই খণ্ডই প্ৰাথমিক আৰু মাধ্যমিক খণ্ডৰ মাজত মূল সংযোগী হিচাপে কাম কৰে আৰু কৃষি উৎপাদিত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে বিশ্ব বজাৰত ভাৰতীয় সামগ্ৰীৰ অনুকূল চাহিদা বৃদ্ধি কৰাত সহায় কৰে।