/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b0779086-ed16-43cf-8919-eed9b326abc0/sor.jpg)
জয়পুৰ বন বিভাগৰ সাফল্য; গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী
ডিজিটেল সংবাদ, নামৰূপঃ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্রীয় উদ্যানৰ স্বীকৃতি দিলে যদিও বনাঞ্চল সুৰক্ষা দিয়াত প্ৰায়েই বিফল হয় অসম চৰকাৰৰ বন বিভাগ। বনাঞ্চলৰ সীমান্ত ৰাজ্য অৰুণাচলৰ দিশৰ পৰা প্ৰায়ে বিভিন্ন মূল্যবান গছ কাটি তহিলং কৰে কোনো দুস্কৃতিকাৰীয়ে।
কিন্তু তাৰ মাজতে জয়পুৰ বন বিভাগৰ সাফল্য; গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী। বৃহস্পতিবাৰে নিশা জয়পুৰ বন বিভাগৰ তহলদাৰী দলে বনাঞ্চলৰ ভিতৰত এখন গাড়ীৰ সৈতে প্ৰৱেশ কৰা তিনি অৰুণাচলী দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/89cb7e1f-fe30-4748-928c-74ee2974e2ae/4c8b524d_bbd1_40b4_8dd9_0ae4848e6058.jpg)
ৱাংৰাং দাদা,টেইদিয়াপ হেংখে আৰু ৱাংডাম ল'ৱাং নামৰ তিনি দুৰ্বিত্তৰ পৰা বন বিভাগে তিনিটা ৰাইফল,১২ টা সক্ৰিয় ৰাইফলৰ কাৰ্টিজ, AR-13-5546 নম্বৰৰ গাড়ী,দুটা মোবাইল ফোন,এখন খুকুৰি,এটা টৰ্চ লাইট,ৱাইৰ আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে বন বিভাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/62b431a2-6cf6-4b25-9d25-18bb5940308f/6cabfa9a_a136_4de3_aafe_997b2e47d6c0.jpg)
লক্ষণীয় যে, কিছুদিন পূৰ্বেও দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ হুগৰীপথাৰত দুৰ্বিত্তই কাটি পেলাইছিল ২০ জোপাকৈ হোলোং গছকাটিছিল। ইতিমধ্যে বন বিভাগে শুক্ৰবাৰে তিনি দুৰ্বৃত্তক নাহৰকটীয়া মহকুমা আদালতত হাজিৰ কৰাই ২ দিনৰ জিম্মাত আনি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃ প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ মৃত্যু