প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ মৃত্যু

দেওবাৰে নগাঁৱত সম্পন্ন হ'ব জানাজা
প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ মৃত্যু
প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ মৃত্যু

ডিজিটেল সংবাদ,নগাঁও : ৰাজ্যৰ প্ৰাক্তন যোগান,স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী নজৰুল ইচলামৰ মৃত্যু ৷ ৭২ বছৰ বয়সত গুৱাহাটী হেলথ চিটি হাস্পতালত দিনৰ ১২ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ৷

তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ১৪ বছৰে মন্ত্ৰী হৈ থকা নজৰুল ইচলাম হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ শুক্ৰবাৰে অক্সিজেনৰ পৰিমান কমি যোৱাত পৰিয়ালে চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল ৷

উল্লেখ্য যে, পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল যদিও প্ৰয়াত ইছলামে উন্নত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠিছিল ৷ ১৯৯৬ চনৰ পৰা ইচলাম লাহৰিঘাট বিধানসভা সমষ্টিৰ বিধায়ক হৈ আছিল ৷ ২০২১ চনলৈকে ধাৰাবাহিকভাৱে সমষ্টিটোৰ পৰা বিজয়ী হৈ বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল ৷ ২০০২ বৰ্ষৰ পৰা ২০১৬ চনলৈকে কংগ্ৰেছ চৰকাৰৰ শাসনকালত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল ৷

মৰিগাঁও জিলাৰ উলুবাৰীত জন্মগ্ৰহণ কৰা নজৰুল ইচলামে ৰাজনীতিত ভৰি থোৱাৰ পূৰ্বে এজন সু চিকিৎসক হিচাপে সু নাম কঢ়িয়াবলৈ সক্ষম হৈছিল ৷ পিতৃ আলহাজ আলবক্স সৰকাৰ আৰু মাতৃ আলহাজ কুলচুম বিবি ৷ ১৯৪৯ চনৰ ১২ আগষ্টত জন্ম গ্ৰহণ কৰা নজৰুল ইছলামে নগাঁও চহৰৰ ভূঞাপট্টিত স্থায়ীভাৱে বসবাস কৰিছিল ৷ পিছলৈ গুৱাহাটীলৈ স্থানান্তৰিত হৈছিল ৷

জানিব পৰা মতে প্ৰয়াত ইচলাম বিগত সময়চোৱাত তিনিবাৰকৈ ক’ভিডত আক্ৰান্ত হৈছিল ৷ পৰৱৰ্তী সময়ত নিমোনিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘ দিনে অসুস্থ হৈ আছিল ৷ ২০২১ চনত নজৰুল ইচলামে ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত নজৰুল ইচলামৰ পুত্ৰ আচিফ মোহম্মদ নজৰ লাহৰিঘাটৰ পৰা নিৰ্বাচনত অংশ লৈ বিধায়ক হয় ৷ মৃত্যুৰ সময়ত নজৰুল ইচলামে পত্নী ,পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে ৷

জানিব পৰা অনুসৰি প্ৰয়াত ইচলামৰ নশ্বৰ দেহ নিশালৈ নগাঁৱলৈ অনা হ'ব ৷ নগাঁৱতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জানাজা সম্পন্ন কৰা হ'ব ৷ দেওবাৰে পুৱা ৯ বজাত নগাঁৱত জানাজা সম্পন্ন কৰা হ'ব প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in