/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7d0cc35f-a86c-4f1b-ac18-405dfc7aed1e/mukoli.jpg)
অস্বাস্থ্যকৰ পৰিবেশত ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব লাগে মধ্যাহ্ন ভোজন
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাৰ এখন প্ৰাথমিক বিদ্যালয়ে উদঙাইছে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ। সময় সুবিধা পালেই সভা-সমিতিয়ে শিক্ষাগুৰুৰ দায়িত্ব কৰ্তব্যৰ সন্দৰ্ভত কঠোৰ নীতি নিৰ্দেশনাৰ নীতি শিক্ষা প্ৰদান কৰি অহাত সিদ্ধহস্ত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী । কিন্তু সুস্থ আৰু সবল শৈক্ষিক পৰিবেশ গঢ় দিয়াৰ বাবে প্ৰয়োজনীয় ন্যূনতম আন্তঃ গাঁথনি উপলব্ধকৰণৰ ক্ষেত্ৰত এনেবোৰ দায়িত্বশীল পক্ষই সর্বদা গ্ৰহণ কৰি আহিছে ধৃতৰাষ্ট্রৰ ভূমিকা ।
মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীৰ দাম্ভিকতা ,চৰকাৰী অৱহেলা আৰু উদাসীন ভূমিকাৰ লগতে শিক্ষা বিভাগৰ উলংগ স্বৰূপ উন্মোচিত কৰি অহা এখন শিক্ষানুষ্ঠান হৈছে ধুনাগুৰি কুটুম প্ৰাথমিক বিদ্যালয় । ঢকুৱাখনা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত খেৰকটা পঞ্চায়তত অৱস্থিত এইখন চৰকাৰী খণ্ডৰ বিদ্যালয় স্থাপিত হৈছিল ১৯৬৪ চনতে । বৃহত্তৰ অঞ্চলটোত আনুষ্ঠানিক প্ৰাথমিক শিক্ষা প্ৰসাৰণত মেটমৰা অৱদান আগবঢ়াই অহা এইখন বিদ্যালয়ৰ ৫টা শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছে ৭৪ গৰাকী শিক্ষাৰ্থীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b92fd524-bec4-4fed-a02f-0bc4673fe468/67a145c3_7757_4337_97d9_bae925f9aa51.jpg)
গ্ৰাম্য দৰিদ্ৰ শিক্ষাৰ্থী সকলৰ শিক্ষা দানৰ বাবে নিযুক্ত হৈ আছে দুগৰাকী শিক্ষক । মাত্ৰ দুগৰাকী শিক্ষকেৰে "ক"শ্ৰেণীক ধৰি মুঠ ৬টা শ্ৰেণীত একে সময়তে মুঠ ৬টা বিষয়ত শিক্ষা দান কৰাটো কিমান কষ্টসাধ্য আৰু প্ৰত্যাহ্বানমূলক সেয়া ভুক্তভোগী শিক্ষকেহে বুজিব। তৎসত্বেও নিৰন্তৰ গুণগত শিক্ষা দান কৰি অহা প্ৰধান শিক্ষক গণেশ লাগাছু আৰু সহকাৰী শিক্ষক তন্দ্ৰালী মিলিৰ লগতে অৰ্ধ শতাধিক শিক্ষাৰ্থী ভুগিছে অন্য বহু জলন্ত সমস্যাত ।
বিদ্যালয়খনৰ পৰিদর্শন কালত উন্মোচিত তথ্য তথা বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে এটাও পৃথক শ্ৰেণীকোঠা নোহোৱাকৈ , পৰ্যাপ্ত বেঞ্চ ডেস্ক , বিদ্যালয় গৃহ ,অনাময় ব্যৱস্থাৰ সুবিধা নোহোৱাকৈয়ে সুদীর্ঘ কাল জুৰি বিদ্যালয়খন পৰিচালিত হৈ আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1750ac51-225b-418e-b95c-dc9558662d51/9bae3ef3_1f53_4e75_b93c_167fcef8286a.jpg)
বিদ্যালয়খনৰ এটা ভৱন সদৃশ গৃহতে "ক" শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক একেলগে বহোৱাই শিক্ষা দানত ব্ৰতী হ'ব লাগে শিক্ষকদ্বয়ে । প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ বাবে কোনো সুকীয়া কাৰ্যালয় কোঠা নথকা বিদ্যালয়খনত মাত্ৰ ১৩ যোৰ বেঞ্চ ডেস্কত বিদ্যাৰ্থী সকলক বহিবলৈ দি শিক্ষা দান কৰি অহা এই জটিল সমস্যাৰ উপৰিও বিদ্যালয়খনত নাই এখনো ফেনৰ ব্যৱস্থা ।
অতি স্পৰ্শকাতৰ অভাৱ হিচাবে সুদীর্ঘ কাল ধৰি দেখা দি আহিছে শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে আৰু ছাত্ৰ আৰু ছাত্ৰীৰ বাবে বিদ্যালয়খনত পৃথক পৃথক শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ অভাৱে। এখন চৰকাৰী বিদ্যালয়ৰ এটা প্ৰথম আৰু প্ৰধান সুবিধা হিচাবে বিবেচিত এই সুকীয়া অনাময় ব্যৱস্থাতো বাদেই এটাও অনাময় ব্যৱস্থা উপলব্ধ নোহোৱা এই কৌটিকলিয়া অভাৱে কি দৰে বিদ্যালয় পৰিয়ালটোক জুৰুলা কৰি আহিছে সেয়া বৰ্ণনাতীত ।
তদ্রুপভাৱে বিদ্যালয় পৰিয়ালৰ ব্যক্তিগত প্ৰচেষ্টাত উপলব্ধ কৰি লোৱা এটা মধ্যাহ্ন ভোজন ৰন্ধন গৃহৰ নিৰ্মাণ কৰি লৈছে যদিও শিক্ষাৰ্থী সকলে ভোজন গ্ৰহণৰ বাবে নাই পৰ্য্যাপ্ত স্বাস্থ্যকৰ সুবিধা । পৰিণতিত ৰদে বৰষুণে মুক্ত আকাশ আৰু গছৰ তলত বহি অস্বাস্থ্যকৰ পৰিবেশত ভোজন গ্ৰহণ কৰিব লাগে কণ কণ শিক্ষাৰ্থীসকলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/72742183-d66c-4c9a-8094-dee950d5cc5b/058182de_0503_4b5c_9525_35ad88ee9a72.jpg)
এক কথাত সীমাহীন অভাৱ সমস্যাৰে ভাৰাক্ৰান্ত এইখন চৰকাৰী বিদ্যালয়ৰ এনেবোৰ অতি জৰুৰী অভাৱ সমস্যাৰ স্থায়ী সমাধানৰ বাবে পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুটুমৰ নেতৃত্বত অভিভাবক সকলে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু , ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে , লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বাৱন ,জিলা প্ৰাথমিক শিক্ষা বিষয়া আদি সকলোকে বহুবাৰ আবেদন নিবেদন জনাই আহিছিল ।
কিন্তু এনেবোৰ দায়িত্বশীল পক্ষৰ দায়িত্বহীন ভূমিকাৰ বাবেই বিদ্যালয়খনত ন্যূনতম সা- সুবিধা হৈ উঠা নাই । বিদ্যালয় পৰিচালনা সমিতিয়ে জনোৱা মতে এনেবোৰ চৰকাৰী পক্ষৰ লগতে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালকলৈকো বিদ্যালয় কৰ্তৃপক্ষই ঢকুৱাখনা মহকুমা প্ৰশাসনৰ জৰিয়তে অতিৰিক্ত শ্ৰেণী কোঠা , পৃথক অনাময় ব্যৱস্থা আৰু এটা ৰান্ধনী গৃহ নিৰ্মাণ কৰাৰ বাবে দিয়া আবেদনো গৈ ধোঁৱা চাঙত উঠিল বুলি আক্ষেপ কৰে ।
চৰকাৰী বেচৰকাৰী সকলো দায়িত্বশীল পক্ষই বিদ্যালয়খনক জলন্ত অভাৱ সমস্যাৰ এই অটল গহ্বৰৰ পৰা উদ্ধাৰ কৰাত সামান্যতমো গুৰুত্ব নিদিয়াত অতিষ্ঠ আৰু ক্ষুব্ধ বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক সমাজ, মাতৃ গোট । এখন চৰকাৰী বিদ্যালয়ক সীমাহীন অভাৱ দুৰ্যোগৰ মাজলৈ নিক্ষেপ কৰি ৰং চোৱা মুখ্যমন্ত্ৰী ,শিক্ষা মন্ত্ৰী ,শিক্ষা বিষয়াৰ এনে উদাসীন দৃষ্টিভংগীৰ বিৰুদ্ধে অচিৰেই গণ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে ।
গুণগত শিক্ষাৰে দৰিদ্ৰ গঞা শিক্ষাৰ্থীক শিক্ষিত কৰিবলৈ গুণগত সুবিধা ,আন্তঃগাঁথনি উপলব্ধ কৰাৰ দাবী জনাই পৰিচালনা সমিতি ,অভিভাৱক আৰু মাতৃ গোটে অন্যথাই ন্যায্য প্ৰাপ্য বিচাৰি ৰাইজ ঐক্যবদ্ধ হৈ সাব্যস্ত কৰিব লগা প্ৰতিবাদত নিৰ্বোধ শিক্ষাৰ্থীসকল পনবন্দী হ'লে এনেবোৰ পক্ষই জগৰীয়া হ'ব বুলি অন্তিম সকীয়নি প্রদান কৰিছে।
আৰু পঢ়কঃ মঙলদৈত অনুষ্ঠিত উত্তৰ-পূৱ ভাৰত ডবা খেল প্ৰতিযোগিতা