/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2f2cab63-c0a5-4aa7-8750-18c3d6d8926b/chess.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত অনুষ্ঠিত হৈছে উত্তৰ পূৱ ভাৰত ডবা খেল প্ৰতিযোগিতা ।পাঁচ দিনীয়াকৈ মঙলদৈ সৈনিক ভৱনত অনুষ্ঠিত হৈছে এই ডবা খেল খন।
ছিক্কিম, মণিপুৰ, অসম, মিজোৰামকে ধৰি উত্তৰ পূৱৰ ৮ ৰাজ্যৰ প্ৰায় দুশৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত ।
ডবা খেল প্ৰতিযোগিতাত দুশ প্ৰতিযোগিৰ মাজতে সকলোৰে দৃষ্টি কাঢ়িছে বিশেষ ভাৱে সক্ষম ৰামপ্ৰসাদ চক্ৰৱৰ্তীয়ে।
চকুৰে একেবাৰে নেদেখা ৰামপ্ৰসাদ চক্ৰৱৰ্তীয়েও উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এতিয়ালৈকে বহুকেইখন খেলত জয়ী হ'বলৈ সক্ষম হৈছে ।অকল মঙলদৈতে নহয় চক্ৰৱৰ্তীয়ে অসম দলৰ হৈ ইতিমধ্যে তামিলনাডু, হাৰিয়ানা, গুজৰাটকে ধৰি বহু কেইখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলত অংশগ্ৰহণ কৰি আহিছে ।
চকুৰে একেবাৰে নেদেখিলেও ডবা খেলৰ প্ৰতি থকা ৰাপৰ বাবেই এনেদৰে প্ৰতিযোগিতা সমূহত ভাগ লৈ আহিছে তেওঁ ।
আৰু পঢ়ক: আৰম্ভ নগাঁও গ্ৰন্থমেলা...