/asomiyapratidin/media/media_files/2025/06/13/0QaGZ9IGWL5b04EiELCL.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে অঞ্চলটোত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে। বিমানখনত জীৱন্তে জ্বলি গৈছিল প্ৰায় ২৪১ গৰাকী যাত্ৰী। বৰ্তমান সেই স্থানত মাংসপিণ্ডৰ পৰা দুৰ্গন্ধ ওলাইছে। বতাহত বিয়পিছে সেই দুৰ্গন্ধ।
এই দুৰ্ঘটনা ইমানে শিহৰণকাৰী আছিল যে, ঘটনাৰ কেইবা ঘণ্টাৰ পাছতো দুৰ্ঘটনাস্থলীৰ আশে-পাশে থকা গছ-গছনিৰ জ্বলি যোৱা ডালত জুইৰ অৱশিষ্ট দেখা যায়। তাৰোপৰি বি জে চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয়ৰ চৌহদত বিয়পি পৰিছে জ্বলি যোৱা মৃতদেহৰ অসহ্য দুৰ্গন্ধ।
উল্লেখ্য যে, বিস্ফোৰণৰ পিছত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ চৌপাশৰ উষ্ণতা ১০০০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হয়, যাৰ বাবে উদ্ধাৰ অভিযান অতি কঠিন হৈ পৰে। বৃহস্পতিবাৰে নিশা উদ্ধাৰকাৰীয়ে কয় যে, ঘটনাস্থলীৰ তাপমাত্ৰা বৃদ্ধি পোৱা ফলত উক্ত স্থানৰ জীৱ-জন্তু আৰু চৰাইবোৰো জ্বলি ছাই হৈ গৈছে। এই সমগ্ৰ তথ্যৰ পৰাই দুৰ্ঘটনাটোৰ ভয়াবহতা অনুমান কৰিব পাৰি।