পথ সুৰক্ষাক লৈ হাটশিঙিমাৰীত এনএছএছৰ বাটৰ নাট প্ৰদৰ্শন

পথ সুৰক্ষাক লৈ হাটশিঙিমাৰীত এনএছএছৰ বাটৰ নাট প্ৰদৰ্শন

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এনএছএছৰ হাটশিঙিমাৰী গোটৰ উদ্যোগত কলেজ নগৰ চাৰিআলিত আজি পথ সুৰক্ষা আৰু যান-বাহন আইনৰ ওপৰত এক বাটৰ নাট কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে, এনএছএছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যবাহী বিষয়া ড০ মোঃ আব্দুল কৰিম সেখৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বাটৰ নাট কাৰ্যসূচীৰ জৰিয়তে ৰাইজ আৰু বাহন চালকৰ মাজত যান-বাহন আইন আৰু পথ সুৰক্ষা সম্পৰ্কে সজাগতা অনাৰ প্ৰয়াস চলোৱা হয়।

এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ পৰা আৰক্ষী আৰু ট্ৰেফিক আৰক্ষীয়ে এনএছএছ গোটক সহায়-সহযোগিতা আগবঢ়ায়। এনএছএছৰ এই বাটৰ নাট কাৰ্যসূচীত সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া শিক্ষক আব্দুল ৰেজ্জাক আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক জেইল হুছেইন উপস্থিত আছিল।

লক্ষণীয় যে, ৯মে’ৰ পৰা ১৫ মে’ লৈ হাটশিঙিমাৰী এনএছএছ গোটে ৭ দিনীয়া কাৰ্যসূচীৰে বিশেষ শিবিৰ অনুষ্ঠিত কৰি বিভিন্ন বিষয়ৰ ওপৰত ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলায়। কাইলৈ ষষ্ট দিনা বাল্য বিবাহ, বেটি বাচাও-বেটি পঢ়াও, ড্ৰাগছ বিষয়ৰ ওপৰত এনএছএছ গোটে সজাগতা চলাব বুলি এনএছএছ গোটে জানিবলৈ দিছে।

পথ সুৰক্ষাক লৈ হাটশিঙিমাৰীত এনএছএছৰ বাটৰ নাট প্ৰদৰ্শন
বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in