বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন

বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন

ডিজিটেল সংবাদ,ৰঙিয়া: হিয়াৰ আমঠু ৰঙালী বিহুৰ স্বকীয়তা অক্ষুন্ন ৰখাৰ প্ৰয়াস ৰঙিয়াৰ বৈদ্যগড় মহিয়সী মহিলা সন্মিলনৰ । ৬ষ্ঠ বৰ্ষত পদাৰ্পণ কৰা ৰঙালী বিহু সন্মিলন উপলক্ষে সোমবাৰে দিনৰ ভাগত ৰূপায়ণ কৰা হয় বিস্তৃত কাৰ্যসূচী ।

স্থানীয় আৰিমত্ত ষ্টেডিয়ামত অনুষ্ঠিত ৰঙালী বিহুৰ কাৰ্যসুচী পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সভানেত্ৰী শিপ্ৰা দাসে । ইয়াৰ পিছতে মহিলাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

ইফালে ব্যতিক্ৰমী প্ৰয়াসেৰে অনুষ্ঠিত কৰা পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰতিযোগিতাত উপস্থিত থাকে ৰঙিয়া পৌৰসভাৰ উপ পৌৰপতি বিদ্যুৎ ডেকা । মহিলাসকলে ভিন্ন শৈলীৰে প্ৰস্তুত কৰা খাদ্য সম্ভাৰৰ দৃশ্যই স্বাভাৱিকতে বিশেষ আকৰ্ষণীয় হৈ পৰে ।

ৰঙালী বিহু সন্মিলন উপলক্ষে সন্ধিয়াৰ ভাগত মুকলি বিহুৰ অনুষ্ঠান অনুষ্ঠিত  হয় ।

বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন
মঙলদৈৰ দেৱাশীষ চহৰীয়াৰ ৯৯.২ শতাংশ নম্বৰ লাভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in