আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ....

আমাৰে মইনা শুব এ, 
বাৰীতে বগৰী ৰুব এ....

নৰা বগৰী আমাৰ সকলোৰে প্ৰিয় যদিও ইয়াৰ উপকাৰিতাৰ বিষয়ে আমি জ্ঞাত নহয়। এই ফলবিধ শৰীৰৰ বাবে যিমান উপকাৰী তেনেদৰে উচ্চ চাহিদাৰ বাবে নৰা বগৰীৰ খেতি লাভজনক। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

"নিচুকনি গীতৰ পৰা সৰস্বতী পূজা যোৱাৰ পাছত হে বগৰী খাব পাৰি" বুলি মা হঁতে কোৱা কথাষাৰলৈ আমাৰ সকলোৰে বগৰীৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। অসমীয়া সমাজত বিশ্বাস যে বাৰীৰ বগৰীৰ বতাহে গৃহস্থক সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে। সেয়ে নৱজাতকক সুৰক্ষা দিবলৈ হওঁক বা গৰু বিহুৰ দিনা গ্ৰাম্যাঞ্চলত অমংগল ৰোধ কৰিবলৈ বুলিয়ে হওঁক বগৰীৰ জেং ঘৰৰ দুৱাৰ মুখত আঁৰি দিয়ে।

সম্প্ৰতি অসমৰ বহু কৃষকে বগৰীৰ খেতি কৰি লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। সাধাৰণতে পোৱা বগৰীৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো। আজি আপোনাক জনাম নৰা বগৰীৰ বিষয়ে-

নৰা বগৰী (Peach or Prunus persica)- আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে সতেজ আৰু শুকান ফল সমূহ উপকাৰী। নৰা বগৰীও ইয়াৰে মাজৰ এটা। পাকস্থলীৰ সাধাৰণ ক্ৰিয়াৰ বাবে অতি উপকাৰী এই বগৰীবিধ। ই হজম শক্তি বঢ়ায়। আভোক ভাৱ দূৰ কৰে। পেট ঠাণ্ডা কৰে, পেটৰ গেছ , বমি ভাৱ আৰু দুৰ্বলতা আদি সমস্যাৰ পৰা আমাক সকাহ দিয়ে।

ইয়াত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়, যেনে- ভিটামিন A, ভিটামিন C, খনিজ পদাৰ্থ, এণ্টি অক্সিডেণ্ট, পটাছিয়াম, কেলচিয়াম থকাৰ উপৰিও নৰা বগৰী আঁহ জাতীয় গুণেৰে ভৰপূৰ। ইয়াৰোপৰি শৰ্কৰা, থায়ামিন, এচকৰবিক এচিড,প্ৰ’টিনেৰে সমৃদ্ধ এনে এবিধ উৎকৃষ্ট ফল হৈছে নৰা বগৰী।

নৰা বগৰীত ৰেটিনল আৰু বিটা কেৰোটিনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়ে ই দৃষ্টি শক্তি উন্নত কৰে।

নৰা বগৰী আঁহৰ উৎস। নিয়মীয়াকৈ খালে ডায়বেটিচ, চিএইচডি,ওজন বৃদ্ধি আৰু বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত সহায় কৰিব পাৰে।

নৰা বগৰীত উচ্চ পৰিমাণৰ পটাছিয়াম থাকে। হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভুগি থকা ৰোগীৰ নিয়মীয়া আহাৰত নৰা বগৰী অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হয়।

নৰা বগৰীত চৰ্বি আৰু পানীত দ্ৰৱণীয় আহঁ, ভিটামিন যেনে- ভিটামিন A আৰু ভিটামিন C থাকে। নৰা বগৰীয়ে কলেষ্টৰল আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে আৰু লগতে হৃদ যন্ত্ৰ সৱল কৰে ।

নৰা বগৰী উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ বাবেও বৰ উপকাৰী। মেদবহুলতা সমস্যাৰ বাবেও উপকাৰী। আমাৰ শৰীৰৰ ছালৰ কাৰণে উপকাৰী নৰা বগৰী ।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, নৰা বগৰীৰ খেতি কৰিও বহু লোক ইতিমধ্যে স্বাৱলম্বী হৈছে। এই ফলবিধ খোৱাৰ লগতে কেণ্ডি, জাম আৰু জেলীৰ দৰে বস্তু তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও, ভিন্ন প্ৰকাৰৰ প্ৰসাধন সামগ্ৰী আৰু ঔষধ তৈয়াৰ কৰাত নৰা বগৰী ব্যৱহাৰ হয়।

নৰা বগৰীৰ পৰা বনোৱা পীচ কাৰ্ণেল তেল অতি উপকাৰী। ইয়াত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ, ফ্লৰাইড আৰু পটাছিয়াম থাকে। উচ্চ চাহিদাৰ বাবে নৰা বগৰীৰ খেতি লাভজনক।

আমাৰে মইনা শুব এ, 
বাৰীতে বগৰী ৰুব এ....
খায় নে লং,ইলাচি,ডালচেনীঃ গমেই নাপাব বহু ৰোগ পলাল কেনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in