খায় নে লং,ইলাচি,ডালচেনীঃ গমেই নাপাব বহু ৰোগ পলাল কেনি...

খায় নে লং,ইলাচি,ডালচেনীঃ গমেই নাপাব বহু ৰোগ পলাল কেনি...

কেৱল সোৱাদবৰ্ধকেই নহয় মছলাৰো আছে বহু উপকাৰিতা। কেৱল আমাৰ দেশতে নহয়, পৃথিৱীৰ বহু দেশত পাকঘৰৰ অন্যতম হৈছে মছলা। মছলাৰ গুণ তথা উপকাৰিতা সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

'স্বাস্থ্য ভালে ৰাখিবলৈ এতিয়াৰ পৰা খাদ্যত মছলা ব্যৱহাৰ কৰক' -কথাষাৰ আচহুৱা যেন লাগিলেও এয়া সত্য।

আমাৰ পাকঘৰতে এনে কিছুমান মছলা আছে যাৰ দৈনিক ব্যৱহাৰে আপোনাক চিৰদিন সুস্থ কৰি ৰাখিব। আপুনি যদি সোধে মছলা কিয় খাব লাগে তেন্তে ইয়াৰ উত্তৰ এটা শাৰীত দিয়াটো কঠিন। কিন্তু সহজ ভাষাত ক'লে আমাৰ দৈনন্দিন খাদ্য তালিকাৰ পৰা সমূহীয়া ভোজ ভাতত ব্যৱহৃত বিবিধ মছলা ঔষধি গুণ সম্পন্ন। পিয়াঁজৰ পৰা তেজপাতলৈ আছে নিজ নিজ উপকাৰিতা।

মছলা পৰিমিতভাৱে সেৱন কৰিব লাগে। কিছুমান মছলাৰ অত্যাধিক সেৱনে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়ে মছলাৰ ব্যৱহাৰৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ যদি আপোনাৰ খাদ্যৰ নিৰ্দিষ্ট বাধা বা স্বাস্থ্যজনিত সমস্যা আছে।

উল্লেখ্য যে, মছলা কেৱল খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰাতে সীমাবদ্ধ নহয়। স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। এনে কিছুমান মছলা হৈছে ডালচেনী, ইলাচি, লং....

ডালচেনী বিভিন্ন খাদ্যৰ সোৱাদ ল'বলৈ ব্যৱহাৰ কৰা হয়। মিঠাইৰ পৰা তৰকাৰীলৈ ডালচেনীৰ সুগন্ধ জনপ্ৰিয়। ডালচেনীত বিভিন্ন শক্তিশালী এন্টি অক্সিডেণ্ট আছে। পুৰণি গ্ৰীচৰ চিকিৎসকসকলে খ্রীষ্টপূর্ব ২৭০০ৰ আগৰ পৰা ৰোগৰ চিকিৎসাত ডালচেনী ব্যৱহাৰ কৰিছিল। চীনাসকলেও দৰবৰ লগত ডালচেনি আৱশ্যকীয় এডিটিভ (additive) হিচাপে ব্যৱহাৰ কৰিছিল।

ডালচেনীত পোৱা উপাদান সমূহ ক্ৰমে- কেলচিয়াম, আইৰণ, মেগনেছিয়াম,পটাছিয়াম, ফচফৰাছ, জিংক ক’পাৰ, মেংগানিজ, ভিটামিন A, ভিটামিন C, ভিটামিন E, ভিটামিন K।

ডালচেনীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এন্টি অক্সিডেণ্ট গুণ থকাৰ বাবে ডালচেনিয়ে সংক্ৰমণ আৰু ভাইৰাছ প্ৰতিৰোধ কৰে।

মধুমেহ ৰোগীৰ বাবেও ডালচেনী অতি উপকাৰী। ইয়াৰ গুৰি সেৱন কৰিলে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ কম হয়।

নিয়মীয়াকৈ খালি পেটত ডালচেনীৰ গুৰি একাপ গৰম পানীৰ সৈতে খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে।

এচামুচ ডালচেনী গুৰিৰ লগত দুচামুচ মৌ ৰস মিহলাই খালে অপকাৰী কলেষ্টৰল কম হয়। হৃদযন্ত্ৰ ভালে থাকে।

ডালচেনীয়ে মেদবহুলতা কম কৰাত সহায় কৰা লগতে টি বি, হাপানী আদি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে অতি উপকাৰী।

ডালচেনীয়ে মহিলাৰ বহু সমস্যা দূৰ কৰে। যেনে হৰমনৰ সমস্যাৰ ক্ষেত্ৰত ডালচেনী উপকাৰী।

এক গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি ডালচেনী এণ্টি-অক্সিডেন্ট গুণসম্পন্ন হোৱাৰ বাবে ই স্নায়ৱিক (neurological) অসুবিধাবোৰৰ কাৰণে সৃষ্টি হোৱা ৰোগ, যেনে- পাৰ্‌কিনশ্বন্‌ছ (Parkinson's) আৰু এল্‌জেইমাৰ্ছ (Alzheimer's) হোৱাত বাধা দিব পাৰে।

ইলাচিৰ গুৰি দি তৈয়াৰী চাহ কাপ প্ৰায় সকলোৰে প্ৰিয়। সেয়ে আমাৰ আটাইৰে পাকঘৰত এই সুগন্ধি মছলাবিধ উপলব্ধ। মছলাৰ ৰাণী ইলাচিৰ উপকাৰিতা লিখি শেষ কৰিব নোৱাৰা। ভিন্ন ধৰণৰ খাদ্য ব্যঞ্জন, তৰকাৰী, মাংসৰ ব্যঞ্জনত ইলাচি গুৰি ব্যৱহাৰ কৰা হয়। ভিন্ন ধৰণৰ মিঠা ব্যঞ্জন, মিঠাই, কেক আদিটো ইলাচিৰ ব্যৱহাৰ অপৰিহাৰ্য।

ইলাচিত বেক্টেৰিয়া-ৰোধ কৰা যৌগও উপলব্ধ। এইবোৰে মুখৰ দুৰ্গন্ধ সৃষ্টি কৰা জীৱাণুবোৰৰ সৈতে যুঁজ দিয়াত আৰু দাঁতৰ পৰিচ্ছন্নতা উন্নত কৰাত সহায় কৰে। মুখত সতেজতা সৃষ্টি কৰিবলৈ আৰু উশাহৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আহাৰ খোৱাৰ পিছত ইলাচি চোবাব লাগে।

ইলাচিত পোৱা উপাদান সমূহ ক্ৰমে- শক্তি, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, কেলচিয়াম, পটেছিয়াম, ক'পাৰ, মিনাৰেল, আইৰণ, জিংক, ভিটামিন C,ভিটামিন A,ভিটামিন D।

ইলাচিয়ে ৰক্ত সঞ্চালনৰ লগত জড়িত তথা মূখৰ বহু সমস্যা দূৰ কৰিব পাৰে। ইয়াত বহু পৰিমাণে Vitamin C পোৱা যায়।

ইলাচিত বায়ু নাশক গুণ থাকে। সেয়ে ই মানুহৰ হজম শক্তি বৃদ্ধি কৰে। মানুহৰ তন্ত্ৰত এনজাইম উৎপাদন কৰি Detoxification ৰ জৰিয়তে বৰ্জনীয় পদাৰ্থ বোৰ তথা ফ্ৰি ৰেডিকেল সমূহ মানৱ দেহৰ পৰা উলিয়াই দিয়ে।

ক'লা ইলাচি খালে মানুহৰ হাৰ্ট সুস্থ থাকে। ইলাচিত থকা উপাদান বোৰে বৃক্কত জমা হোৱা কেলচিয়াম আৰু ইউৰিয়া আঁতৰাই বৃক্ক সুস্থ ৰাখে।

ইলাচি সেৱনৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ই লিভাৰ সুস্থ কৰি ৰখাত সহায় কৰে।

ইলাচি খাদ্যত ব্যৱহাৰ কৰি থাকিলে তেজৰ চলাচল নিয়মীয়া কৰি ৰাখে। লগতে আলচাৰ নিৰাময়ত সহায় কৰে।

লং ৰান্ধনি ঘৰৰ এবিধ লাগতীয়াল মছলা। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈক আয়ুৰ্বেদিক চিকিৎসাত শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধত লং ৰ ব্যৱহাৰ কৰা হয়। লঙৰ ব্যৱহাৰ সাধাৰণতে খাদ্য ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ কৰা হয়। কিন্তু ইয়াতে সমীবদ্ধ নাৰাখি প্ৰত্যেক দিনে আপুনি ২ টাকৈ লং গ্ৰহণ কৰিলে ভয়ংকৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

বিশেষজ্ঞসকলৰ মতে, লঙে দেহত শ্বেত ৰক্ত কণিকা গঠনত সহায় কৰে, যি শৰীৰক কিছুমান সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । ই এনালজেচিক উপাদান আৰু বেক্টেৰিয়া-ৰোধী গুণাগুণেৰেও পৰিপূৰ্ণ ।

লঙত বিভিন্ন উপাদান নিহিত হৈ থাকে। সেইবোৰ হৈছে- ফাইবাৰ, পটেছিয়াম,প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ভিটামিন A, ভিটামিন C, ভিটামিন K, চ'ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, আইৰণ,মেংগানিজ, ভিটামিন বি1, বি2, বি4, বি6, বি9 ।

লং খালে মানুহৰ হাড় মজবুত হয়। দুৰ্বল হাড়ৰ ব্যক্তিসকলে শোৱাৰ আগতে লং খালে উপকৃত হ'ব।

কাণৰ বিষৰ পৰা উপশম পাবলৈও আপুনি লঙৰ তেল ব্যৱহাৰ কৰিব পাৰে। লঙৰ তেলৰ ব্যৱহাৰৰ ফলত কাণৰ ৰোগৰ সংক্ৰমণ ৰোধ হয়।

লিভাৰৰ ৰোগ (Liver Disease) নিৰাময়ৰ বাবে লং উপকাৰী। লংত থকা এণ্টিঅক্সিডেণ্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়। লিভাৰৰ চিৰচিচ ৰোগ প্ৰতিৰোধ কৰে।

পেটৰ সমস্যা যেনে পেট বিষ, বদহজম,বায়ু সমস্যা আদি ৰোগ লঙে নিৰাময় কৰে। বমি বমি (Vomiting) ভাৱ লঙে দূৰ কৰে। লঙৰ সৈতে মৌ ৰস মিহলাই সেৱন কৰিলে বমি ভাৱ দূৰ হয়। লং বেক্টেৰিয়ানাশক। লঙৰ উপয়োগে শৰীৰৰ বেক্টেৰিয়া সমূহ নাশ কৰে।

ছালৰ খজুৱতি (Skin Itching) ৰোগৰ বাবে লং উপকাৰী। ছালত খজুৱতি হ’লে লং তেল ব্যৱহাৰ কৰিব লাগে।

লঙে মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায় কৰে। লগতে ৰক্ত পৰিশোধন (Blood Detoxify) কৰে। শৰীৰত থকা ক্ষতিকাৰক উপাদান সমূহ পৰিশোধন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে আৰু ৰক্ত পৰিষ্কাৰ কৰে।

ভাৰতবৰ্ষ এনে একমাত্ৰ দেশ যিয়ে সমগ্ৰ বিশ্বত সবাতোকৈ বেছি মছলা তৈয়াৰ কৰে, গ্ৰহণ কৰে লগতে সমগ্ৰ বিশ্বতে সৰবৰাহ কৰে। বহু ৰোগৰ নিৰাময়ৰ বাবে উল্লেখিত মছলা সমূহ সঠিক মাত্ৰাত সেৱন কৰিব লাগে। তাৰ অধিক মাত্ৰা ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

খায় নে লং,ইলাচি,ডালচেনীঃ গমেই নাপাব বহু ৰোগ পলাল কেনি...
প্ৰকৃতিৰ আশীৰ্বাদ পিৰালিৰ শাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in