অভিযোগৰ আধা ঘন্টাৰ ভিতৰতে উদ্ধাৰ চুৰি হোৱা গাড়ী

নগাঁৱত চুৰি গাড়ী উদ্ধাৰ : গ্ৰেপ্তাৰ চোৰ

author-image
Asomiya Pratidin
New Update
অভিযোগৰ আধা ঘন্টাৰ ভিতৰতে উদ্ধাৰ চুৰি হোৱা গাড়ী

অভিযোগৰ আধা ঘন্টাৰ ভিতৰতে উদ্ধাৰ চুৰি হোৱা গাড়ী

ডিজিটেল সংবাদ,নগাঁও : অভিযোগৰ আধা ঘন্টাৰ ভিতৰত উদ্ধাৰ চুৰি গাড়ী ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাড়ী চুৰিৰে জৰিত এজন চোৰক ৷ গ্ৰেপ্তাৰ কৰা গাড়ী চোৰটোৰ নাম হৈছে ধিঙৰ ধূপগুৰিৰ আলাল উদ্দিন ৷

Advertisment

জানিব পৰা মতে নগাঁও চহৰৰ পলি টেকনিকৰ ওচৰৰ পৰা বৃহস্পতি বাৰে নিশা এ এছ ০১ ডি কে ২০৩৭ নম্বৰৰ ফিগ’ গাড়ী খন চোৰ হৈছিল ৷ লগতে এটা এছ এল আৰ কেমেৰা আৰু ম’বাইল ফোনো লৈ চোৰ উধাও হয় ৷

এই ঘটনাৰ পিছত সেন কেম্প্ৰায় নামৰ লোকজনে নগাঁৱৰ ইটাচালি টাউন আৰক্ষী চকীক বিষয়টো অৱগত কৰে ৷ আৰক্ষীয়ে ঘটনাৰ অভিযোগ লাভ কৰি লগে লগে অভিযান চলাই হেৰাপট্টিৰ পৰা আলাল উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰ কৰা কেমেৰা আৰু ম’বাইলটো উদ্ধাৰ কৰাৰ লগতে চুৰ কৰা গাড়ী খনৰ চাবি উদ্ধাৰ কৰে ৷

চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে হয়বৰগাঁও ৰেল ষ্টেচনৰ ওচৰৰ পৰা ৰখাই থোৱা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে ইটাচালি আৰক্ষীয়ে আমোলাপট্টিৰ পৰা আন এটা চোৰক গ্ৰেপ্তাৰ কৰিছে ৷ সুৰুজ জামাল নামৰ চোৰটোয়ে এখন ই-ৰিক্সাত এটি এ চি চুৰ কৰি নি থকা অৱস্থাত ৰাইজৰ সহযোগত হাতে লোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

আৰু পঢ়কঃ ভূপেন বৰাৰ দিনতে ধ্বংস হৈছে কংগ্ৰেছঃ মন্ত্ৰী পীযুষ হাজৰিকা

assam Assam police nagaon