Advertisment

চিলাপথাৰত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ প্ৰতিমূৰ্তি উদ্বোধন...

 চিলাপথাৰত শিল্পী দিৱসৰ দিনাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড°  এ.পি.জে  আব্দুল কালামৰ প্ৰতিমূৰ্তিৰ উদ্বোধন কৰা হয় ৷ উদ্বোধক হিচাপে উপস্থিত থাকে ৰুপকোঁৱৰৰ কন্যা জ্ঞানেনশ্বৰী আগৰৱালা পাঠক। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিলাপথাৰঃ  চিলাপথাৰত শিল্পী দিৱসৰ দিনাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড°  এ.পি.জে  আব্দুল কালামৰ প্ৰতিমূৰ্তিৰ উদ্বোধন কৰা হয় ৷ উদ্বোধক হিচাপে উপস্থিত থাকে ৰুপকোঁৱৰৰ কন্যা জ্ঞানেনশ্বৰী আগৰৱালা পাঠক। 

Advertisment

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ সংখ্যক মৃত্যু দিৱস। আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰণ কৰি ৰাজ্যবাসীয়ে উদযাপন কৰে শিল্পী দিৱস। আজি চিলাপথাৰ কলেজৰ সমুখত শ্ৰী দিগম্বৰ জৈন সমাজৰ পবিত্ৰ ভূমিত নিৰ্মিত ভগৱান মহাবীৰ উদ্যানৰ শুভ উদ্বোধন কৰা হয়। উক্ত উদ্যানত নিৰ্মিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰাক্তন ৰাষ্ট্ৰ্ৰপতি ড০ এ পি জে আব্দুল কালামৰ প্ৰতিমূৰ্তিও উদ্বোধন কৰা হয় ।

সৰ্বাংগ সূন্দৰ ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি উদ্বোধন কৰে জোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জ্ঞানেনশ্বৰী আগৰৱালা পাঠকে আৰু ড° এ.পি.জে আব্দুল কালামৰ প্ৰতিমূৰ্তি উদ্বোধন কৰে দেবী প্ৰসাদ বাগ্ৰাদীয়াই ৷ 

উল্লেখযোগ্য যে ভগৱান মহাবীৰ উদ্যানৰ ফিটা কাটি দ্বাৰ মুকলি কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে। উদ্ধোধনৰ পিছতে উদ্যানখন দিগম্বৰ জৈন সমাজে হস্তান্তৰ কৰে চিলাপথাৰ মহাবিদ্যালয়ৰ হাতত। হস্তান্তৰ পিছতে কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী সভা।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষীনাথ পেগুৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত ধেমাজি জিলা উন্নয়ন আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, ড০ মহেশ জৈন, ড০ ভাৰতী দত্ত, ড০ ৰঞ্জিত শইকীয়া, ড০ উত্তম দাস,নবীন চন্দ্ৰ কাৰ্দং, বিশিষ্ট সাংবাদিক উমেশ খাণ্ডলীয়া, ভূৱন দাস,নৃপেন বৰঠাকুৰ,ৰেণু বৰুৱা আদি বহু শিক্ষাবিদ,সংগঠক, সমাজকৰ্মীৰ লগতে চিলাপথাৰ মহাবিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
 

জ্যোতিপ্ৰসাদ আগৰৱালা