/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/dbe0e5e2-91fd-4f4c-b858-6d1b1b13e1c8/cycle.jpg)
ৰাজ্যিক ৰেষ্টলিং দলৰ বাছনি শিবিৰ সম্পন্ন
ডিজিটেল সংবাদ,নগাঁওঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ২১ ডিচেম্বৰৰ পৰা ২৩ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া আগন্তুক ছিনিয়ৰ ৰাষ্ট্ৰীয় ৰেষ্টলিং(পুৰুষ-মহিলা) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম দলটো গঠনৰ উদ্দেশ্যে বুধবাৰে নগাঁৱৰ খেল' ইণ্ডিয়া ৰেষ্টলিং চেণ্টাৰত ৰাজ্যিক ভিত্তিত এক বাছনি শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, ধেমাজি, শিৱসাগৰ, তিনিচুকীয়া, গোৱালপাৰা, মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা চাৰিকুৰিৰো অধিক খেলুৱৈয়ে ভাগ লোৱা এই শিবিৰৰ পৰা অসম দলটো ঘোষণা কৰা হৈছে।
এই উপলক্ষে অসম ৰেষ্টলিং সন্থাৰ কাৰ্যকৰী সভাপতি উজ্বল বৰুৱা আৰু যুটীয়া সম্পাদক তথা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ উপস্থিতিত আয়োজিত শিবিৰৰ সামৰণি অনুষ্ঠানত অসম ৰেষ্টলিং সন্থাৰ বিষয়ববীয়া শশাংক শৰ্মা বৰুৱা, প্ৰান্তৰ ভট্টাচাৰ্য, নৱজ্যোতি বৰুৱা, অজয় কুমাৰ সিং, সঞ্জীৱ পাল, সমীৰ হাজৰিকা আদি উপস্থিত থাকে। এন আই এছ প্ৰশিক্ষক এন চৌবা সিং, গৌৰাংগ ৰয় আৰু জুনমণি দাসে বাছনি শিবিৰৰ খেলসমূহ পৰিচালনা কৰে।
এই শিবিৰৰ সামৰণি অনুষ্ঠানতে ঘোষণা কৰা অসম দলটোৰ ফ্ৰি-ষ্টাইল আৰু গ্ৰীক' ৰোমান ইভেণ্টৰ খেলুৱৈ সকল হ'ল দিপল বসুমতাৰী, বিজয় পেগু, মানৱজ্যোতি দেওৰজা, ৰংগলু বসুমতাৰী, সুৰেশ বে', এলৰ্বাট বসুমতাৰী, গৌতম নাৰ্জাৰী, বিপ্লৱ বৰুৱা, সুশীল কুটুম, শ্বামখৰ স্বৰ্গীয়াৰী, হ্নদয়ানন্দ নাথ, ৰণজয় দৈমাৰী, আকাশ কাৰদং, অবিনাশ চাংমাই, কৃষ্ণ কিলিং(পুৰুষ), দমনি উজীৰ, লাইমন দৈমাৰী, লালিমা দৈমাৰী, হিমানি বাগলাৰী, জুলি বৰা, লাইমন বসুমতাৰী, দেৱী দৈমাৰী আৰু বিজুমণি বৰুৱা (মহিলা)। উল্লেখিত দলটোৰ সৈতে এন চৌবা সিং, অবিনাশ দাস, গৌৰাংগ ৰয়,পাপু চাওটাল, জুনমণি দাস আৰু পিংকী দাস প্ৰশিক্ষকৰূপে আছে বুলি অসম ৰেষ্টলিং সন্থাৰ বিষয়ববীয়া উজ্বল বৰুৱা আৰু ৰাতুল শৰ্মাই জানিবলৈ দিয়ে।
আৰু পঢ়কঃ ধেমাজিত ৮৮৬ বস্তা শালি ধান জব্দ...