ধেমাজিত ৮৮৬ বস্তা শালি ধান জব্দ...

ধেমাজি জিলাত এক সুবিধাবাদী ব্যৱসায়ীৰ পৃষ্ঠপোষকতাত কিছু কৃষকৰ অজ্ঞতাৰ সুযোগ গ্ৰহন কৰি গাঁৱে-গাঁৱে কম দামত ধান ক্ৰয় কৰাৰ কুঅভিসন্ধি কাৰ্য্য পোহৰলৈ আহিছে ।

author-image
Asomiya Pratidin
New Update
ধেমাজিত ৮৮৬ বস্তা শালি ধান জব্দ...

ডিজিটেল সংবাদ,ধেমাজি: চৰকাৰে কৃষক সকলৰ বাবে বিভিন্ন সময়ত বহু সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। কিন্তু ইয়াৰ ধেমাজি জিলাত এক সুবিধাবাদী ব্যৱসায়ীৰ পৃষ্ঠপোষকতাত কিছু কৃষকৰ অজ্ঞতাৰ সুযোগ গ্ৰহন কৰি গাঁৱে-গাঁৱে কম দামত ধান ক্ৰয় কৰাৰ কুঅভিসন্ধি কাৰ্য্য পোহৰলৈ আহিছে । এই ধৰণৰ কুঅভিসন্ধি উৎখাত কৰাৰ উদ্দেশ্যে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ নিৰ্দেশত ধেমাজিৰ খাদ্য, অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক বিৰিঞ্চি কুমাৰ দত্তই বুধবাৰে এক গোপন সূএৰ পম খেদি ধেমাজি নগৰৰ পৰা নাতিদূৰত অৱস্থিত মৰিঢল চাৰিআলিৰ সমীপত তালাচি অভিযান চলায়।

Advertisment

এই অভিযানত তিনিজন ব্যৱসায়ী ক্ৰমে সিধ্বু ৰাঠী, ৰামপিত সিং আৰু প্ৰফুল্ল গগৈৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মুঠ ৮৮৬ বেগ শালি ধান (৩৩১ কুইণ্টল) জব্দ কৰে ৷ উল্লেখ্য যে ধেমাজি অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালকৰ আগত ব্যৱসায়ী কেইজনে কৃষক সকলৰ পৰা ধান প্ৰতি কুইন্টলত ১৭০০ টকাকৈ (২০৪০ টকাকৈ চৰকাৰে নিৰ্ধাৰণ কৰা) লোৱা বুলি স্বীকাৰ বুলি কৰিছে৷ ইতিমধ্যে যোগান বিভাগে জব্দ কৰা ধান সমূহ ব্যৱসায় কেইজনৰ ঘৰতে চীল কৰি ৰখা হৈছে বুলি বিভাগে জনাইছে ৷

যোগান বিভাগে উক্ত ব্যৱসায়ীকেইজনৰ ওপৰত বিভাগৰ ফালৰ পৰা গোচৰও ৰোজুৰ কৰা হৈছে জনাইছে ৷

আৰু পঢ়ক: ২ দিনীয়াকৈ অনুষ্ঠিত কচভাৰ্ড-২০২২ সফলতাৰে সম্পূৰ্ণ

assam dhemaji