Advertisment

ৰাজ্যৰ দুর্যোগ ব্যবস্থাপনা বিভাগৰ সতৰ্কবাণীঃ কেইবাখনো জিলাত ৰেড-অৰেঞ্জ এলার্ট জাৰি

ৰাজ্যৰ দুর্যোগ ব্যবস্থাপনা বিভাগৰ সতৰ্কবাণীঃ কেইবাখনো জিলাত ৰেড-অৰেঞ্জ এলার্ট জাৰি

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ দুর্যোগ ব্যবস্থাপনা বিভাগৰ সতৰ্কবাণীঃ কেইবাখনো জিলাত ৰেড-অৰেঞ্জ এলার্ট জাৰি

ডিজিটেল ডেস্কঃ কেইবাদিনীয়া উৎকট গৰমৰ পাছত পূব মধ্য বংগোপ সাগৰত বিকশিত হোৱা ঘূর্ণী বতাহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্রান্তত প্রচণ্ড ধুমুহা-বৰষুণ আৰম্ভ হৈছে। ৰীমল ঘূর্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা সোমবাৰ আৰু মঙলবাৰে বন্ধ ৰখা হৈছে।

Advertisment

অভ্যন্তৰীণ জল পৰিবহণ বিভাগে সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত ব্যক্তিগত নাৱৰ চলাচলো বন্ধ কৰা হৈছে। অৱশ্যে অত্যাৱশ্যকীয় সেৱা, সাহায্য আৰু উদ্ধাৰ অভিযান কার্যসূচীসমূহক এই নির্দেশত সামৰি লোৱা হোৱা নাই। এই সময়ছোৱাত ব্রহ্মপুত্র নদী আৰু উপ নদীসমূহত মাছ ধৰাৰ লগতে সাঁতোৰকে ধৰি জলক্রীড়াসমূহ সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে।

ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া নির্দেশনা অনুযায়ী ৰাজ্যৰ দুর্যোগ ব্যবস্থাপনা বিভাগে কেইবাখনো জিলাত ৰেড আৰু অৰেঞ্জ এলার্ট জাৰি কৰিছে। এই অনুযায়ী চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙত অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে।

ইয়াৰ লগতে বানৰ সময়ছোৱাত নিত্য প্রয়োজনীয় সামগ্রী, কাপোৰ, খাদ্য বস্তু, শিক্ষার্থীৰ কিতাপ-পত্র ইত্যাদি মজুত ৰাখিবলৈও জিলা প্রশাসনে আহ্বান জনাইছে। বিপদগ্রস্ত লোকক তাৎক্ষণিক সহায়ৰ বাবে ০৩৬২৪১০০ অথবা ৯৩৮৭৮-৯৩৩৯৪ নম্বৰত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।

আনহাতে ৰেড এলাৰ্টৰ সময়ছোৱাত যিকোনো ধৰণৰ জলক্রীড়াৰ পৰা জনসাধাৰণক বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ লগতে মাছমৰীয়াসকলক এই সময়ছোৱাত নৈ-বিল অথবা অন্য জমা হৈ থকা পানীত মাছ মাৰিবলৈ যোৱাত বাধা আৰোপ কৰিছে।

ব্রহ্মপুত্র নদীত নাৱৰ চলাচল বন্ধ কৰাৰ লগতে কৃষকসকলক কৃষি কাৰ্যৰ বাবে খেতি পথাৰলৈ বা পশুধন লৈ মুকলি পথাৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। যিকোনো জৰুৰীকালীন সেৱাৰ বাবে ১১২, ১০৭০ আৰু ১০৭৭ ফোন নম্বৰ কেইটা ২৪ ঘণ্টাৰ বাবে খোলা থাকিব বুলি জিলা প্রশাসনে ঘোষণা কৰিছে। ইয়াৰ লগতে জনসাধাৰণক যিকোনো আপাতকালীন পৰিস্থিতিৰ বাবে কমেও ৭ দিনজোৰাকৈ ৰেচন আৰু অন্যান্য জৰুৰীকালীন সামগ্রীসমূহ মজুত ৰাখিবলৈ জিলা প্রশাসনে আহ্বান জনাইছে।

Also Read: BVFCLৰ সাৰ উদ্যোগৰ বিষয়াক চাকৰিৰ পৰা নিলম্বনৰ দাবী নামৰূপ আছুৰ...

red alart Disaster Management Department RIMAL cyclone