BVFCLৰ সাৰ উদ্যোগৰ বিষয়াক চাকৰিৰ পৰা নিলম্বনৰ দাবী নামৰূপ আছুৰ...

BVFCLৰ সাৰ উদ্যোগৰ বিষয়াক চাকৰিৰ পৰা নিলম্বনৰ দাবী নামৰূপ আছুৰ...

ডিজিটেল সংবাদ, নামৰূপঃ জ্বৰে এৰিলেও যেন পাটীয়ে নেৰিছে নামৰূপ সাৰ কাৰখানাক। নামৰূপ সাৰ কাৰখানাত এই বাৰ ইউৰিয়া ডীলৰশ্বিপ কেলেংকাৰীৰ তদন্ত বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে নামৰূপ আছুয়ে। সোমবাৰে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত নামৰূপ আছুৰ শতাধিক কৰ্মীয়ে ইউৰিয়া ডীলাৰস্বিপ প্ৰদান কেলেংকাৰীৰ লগত প্ৰত্যক্ষভাৱে জড়িত সাৰ উদ্যোগৰ বিষয়া এছ কে সিঙক নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী উখাপন কৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা বি ভি এফ চি এলে প্ৰায় ৭০০ ডীলাৰশ্বিপ দিছিল বিভিন্ন ৰাজ্যত। সেই সময়ত ডীলাৰশ্বিপ দিয়া ক্ষেত্ৰতে বিহাৰৰ গুপ্তেশ্বৰনাথ এন্টাৰপ্ৰাইজ(BHROH3268) নামৰ ডীলাৰে চেণ্ট্ৰেল ভিজিলেন্স কমিছনক এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতেই সমগ্ৰ বিষয়টো পোহৰলৈ আহিছিল। উক্ত অভিযোগ মৰ্মে প্ৰতি ডীলাৰৰ পৰা তিনি লাখ কৈ টকা লৈ ৭০০তকৈ অধিক ডীলাৰশ্বিপ দিয়াৰ কথা অৱগত কৰাৰ হৈছিল।

দেশৰ ৫-৬খন ৰাজ্যত ডীলাৰস্বিপ দিয়াৰ মধ্যস্থতা কৰিছিল বি ভি এফ চি এলৰ মাৰ্কেটিং বিভাগৰ এচ কে সিঙে। আচলতে বিহাৰৰ কোনোবা দুটা ডীলাৰৰ মাজৰ অৰিয়াঅৰি আইনৰ মেৰপেছত সোমাই পৰাৰ পিছত বিষয়টো সমগ্ৰ দেশতে বিয়পি পৰে। সেই সময়তে বি ভিএফ চি এলৰ বিষয়া সুবোধ কুমাৰ সিঙক তদন্তৰ আওতা লৈ আনিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক দাবী জনোৱাৰ লগতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বিষয়টোৰ ওপৰত ব্যৱস্থা লবলৈ দাবী তুলিছিল নামৰূপ আছুৱে ।

আজি পুনৰ নামৰূপ আছুৱে ইয়াৰ তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদথলীত নামৰূপ আছুৰ সভাপতি অসীম ফুকনে কয় যে বি ভি এফ চি এলৰ ডীলাৰ আৱন্তন দিয়াৰ পূৰ্বে ব'ৰ্ডৰ অনুমতি লব লাগে যদিও সেই সময়ত নীতিবহিভূতভাৱে ধনৰ বিনিম়ত ৭শতাধিক ডীলাৰ আবণ্টন দিলে। ইতিমধ্যে এই সন্দৰ্ভত কেইবাটাও অডিঅ' আৰু ভিডিঅ' ভাইৰেল হৈছে বুলি বক্তব্যত উল্লেখ কৰে।

ইয়াৰ উপৰি অকৃৰ্তিত্তশীল ভাৱে বিভিএফচিএলৰ বেংক একাউন্টত বিপনণ বিষয়াৰ যোগেদি প্ৰায় ৬০লাখ টকাত কৈ আধিক টকা জমা হোৱাৰ তদন্ত আজিও কিয় নহল বুলি প্ৰশ্ন কৰে সভাপতি গৰাকীয়ে ।

সাৰ কতৃপক্ষই ডীলাৰ কেলেংকাৰীত জড়িত অভিযুক্তসকলৰ নামত আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ দাবী তোলে। ডীলাৰ আৱন্তন কেলেংকাৰীৰ অভিযুক্ত এছ কে সিঙক চাকৰিৰ পৰা নিলম্বন কৰিবলৈও দাবী তোলে। লগতে ডীলাৰ কেলেংকাৰী গাপ দিবলৈ চেষ্টা কৰাৰ আঁৰত থকা ভাৰপ্ৰাপ্ত চি এম দিক পদত্যাগৰ দাবী উত্থাপণ কৰে।

BVFCLৰ সাৰ উদ্যোগৰ বিষয়াক চাকৰিৰ পৰা নিলম্বনৰ দাবী নামৰূপ আছুৰ...
চেঙাজান আঞ্চলিক বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in