/asomiyapratidin/media/media_files/2025/01/16/QjJ0OJGmSmQlF6325FIz.jpg)
ডিজিটেল ডেস্কঃ ১৭ জানুৱাৰীত নিৰ্বাচিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। এই পদৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। অৰ্থাৎ ১৬ জানুৱাৰীৰ সন্ধিয়া ৭ বজালৈ মনোনয়ন-পত্ৰ দাখিল কৰিব পাৰিব। সভাপতি নিৰ্বাচনক লৈ আজি গুৱাহাটীত উপস্থিত হ'ব অসমৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱট।
সভাপতি নিৰ্বাচন সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰীয়ে কয় যে, এখনতকৈ অধিক মনোনয়ন দাখিল হ’লে অনুষ্ঠিত হ’ব নিৰ্বাচন। এখন মনোনয়ন পত্ৰ দাখিল হ’লে তেৱেঁই হ’ব পৰৱৰ্তী সভাপতি। ষ্টেট কাউন্সিলৰ সদস্যসকলৰ ভোটদানেৰে নিৰ্বাচিত কৰা হ'ব সভাপতিজন। কিন্তু বিজেপিৰ পৰম্পৰা অনুসৰি কাইলৈ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, সম্বিত পাত্র আৰু প্ৰভাৰী হৰিশ দ্বিবেদী আহিব।তিনিওগৰাকীয়ে দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমানদূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব।
উল্লেখ কৰা প্ৰয়োজন যে, নতুন সভাপতিৰ নেতৃত্বতেই বিজেপিয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। লেয়ে এগৰাকী উপযুক্ত নেতা নিৰ্বাচন কৰাতো বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিজেপিৰ সভাপতিৰ দৌৰত বিগত সময়চোৱাত কেইবাজনো নেতাৰ নাম পোহৰলৈ আহিছিল যদিও তাৰ ভিতৰত চৰ্চাত আছে ৰামেশ্বৰ তেলী, ভৱেশ কলিতা, ৰঞ্জিত কুমাৰ দাস আৰু পল্লৱ লোচন দাস।
উল্লেখ্য যে, বুধবাৰৰ বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই বিগত সময়ছোৱাত ভৱেশ কলিতাই আমাৰ দলটোক সুন্দৰভাৱে নেতৃত্ব দিছিল বুলিও উল্লেখ কৰে।