কঠোৰাত শ্ৰীশ্ৰী বিষ্ণু হোমত ধৰ্মালোচনী সভা

" মানুহে ঈশ্বৰৰ পৰা কেৱল মাত্ৰ বিচাৰিব নেলাগে ।"- সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা

author-image
Asomiya Pratidin
New Update
কঠোৰাত শ্ৰীশ্ৰী বিষ্ণু হোমত ধৰ্মালোচনী সভা

" মানুহে ঈশ্বৰৰ পৰা কেৱল মাত্ৰ বিচাৰিব নেলাগে ।"- সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা

ডিজিটেল সংবাদ, নলবাৰীঃ " লোক পৰম্পৰাই সমাজখন বান্ধি ৰাখিছে। দূৰ অতীতৰ পৰা চলি অহা ৰীতি-নীতিসমূহ হৈছে সভ্যতা- সংস্কতিৰ ধাৰক আৰু বাহক । পৰম্পৰাগতভাবে মাঘৰ পহিলা দিনটোৰ পৰাই আৰম্ভ হোৱা বিষ্ণুহোম বা যজ্ঞ সমাজত মংগলময় বাৰ্তা বহন কৰে।" এই মন্তব্য বিশিষ্ট নাট্যকাৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ।

Advertisment

নলবাৰী জিলাৰ কঠোৰাত সোমবাৰে অনুষ্ঠিত মাঘী উছৱৰ বিষ্ণু হোমাগ্নিৰ সতে সংগতি ৰাখি আয়োজন কৰা ধৰ্মালোচনী সভাৰ আলোচক হিচাপে উপস্থিত থাকি তেওঁ কয় ভগৱান চুম্বক, ভক্ত বৃন্দ লো । এয়া নিঃসন্দেহে ভগৱৎ ধাৰণা । মহাভাৰতীয় সভ্যতাৰ ভীষ্মৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় বিপৰীত পক্ষৰ যোদ্ধা হৈও ভীষ্মৰ ভগৱৎ প্ৰীতি অপাৰ আছিল সেয়ে তেওঁ দক্ষিণায়নত মৰিব নিবিচাৰিলে । উত্তৰায়নৰ একাদশীত দেহত্যাগ কৰে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধাজনে ।

মানুহে ঈশ্বৰৰ পৰা কেৱল মাত্ৰ বিচাৰিব নেলাগে , ঈশ্বৰক ভালপাব লাগে । মানুহে হৃদয়ত পবিত্ৰভাৱে ঈশ্বৰক স্থান দিয়া উচিত বুলি তেওঁ‌ কয় । নলবাৰী জিলাৰ কঠোৰা ( উদয়পুৰ ) গোসাঁ‌ইঘৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰীবিষ্ণু হোম উপলক্ষে অনুষ্ঠিত কৰা ধৰ্মালোচনী সভাখনৰ সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ড° উমাকান্ত পাটোৱাৰীয়ে ।

সমাজকৰ্মী নৃপেন কলিতাই উদ্দেশ্য বাখ্যা আৰু আঁ‌ত ধৰা সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নৰেশ্বৰ দাসে । সভাৰ আনগৰাকী আলোচক তথা বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই কয় সনাতন ধৰ্ম অকল ধৰ্মই নহয় এটি বিশাল সংস্কৃতি । সনাতন ধৰ্ম সাৰ্বজনীন আৰু বিশ্বজনীন বুলিও আলোচক ডেকাই কয় । সমাজ এখন শান্তিৰ বাবে আধ্যাত্মিকতাৰ প্ৰয়োজন আছে বুলিও তেওঁ‌ কয় ।

ধৰ্মালোচনী সভাত বন বিষয়া ভাস্কৰ ডেকা ,সাংবাদিক শ্বাহ আলম আহমেদ, সমাজকৰ্মী মহিধৰ পাটোৱাৰী , মানবেন্দ্ৰ পাটোৱাৰী, দ্বিজেন পাটোৱাৰী পাটোৱাৰী , দেৱাকান্ত পাটোৱাৰী , ঘনশ্যাম কলিতাকে ধৰি গাঁ‌ওখনৰ জ্যেষ্ঠ আৰু ধৰ্মপ্ৰাণ লোকসকল উপস্থিত থাকে ।

ধৰ্মালোচনী সভাৰ প্ৰাকমুহুৰ্তত পুৱা পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি বিপিন কলিতাই । বৃক্ষৰোপণ কৰে বটুৰাম কলিতা আৰু আয়তীৰ পানী তোলা অনুষ্ঠান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন কলিতাই । শ্ৰীশ্ৰীবিষ্ণু হোম পৰিচালনা কৰে ভবেশ কলিতা , ধৰণীধৰ পাটোৱাৰী আৰু পংকজ কলিতাই ।

বিয়লি যাধু প্ৰদৰ্শন কৰে উপেন্দ্ৰ পাটোৱাৰীয়ে । সন্ধিয়া বন্তি প্ৰজ্বলন আৰু টোপধ্বনি পৰিচালনা কৰে মানস প্ৰতীম পাটোৱাৰী আৰু দিগন্ত কলিতা , বিজু কলিতা ,পোলেন পাটোৱাৰী , ধ্ৰুৱজ্যোতি কলিতা, খগেন কলিতাই । নিশা নাগাৰা নাম উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ডাঃ গোপাল কলিতাই ।

আৰু পঢ়কঃ নিজা স্থিতিত অটল জুবিনঃকমতাপুৰৰ বিৰোধিতাৰে ক'লে- অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিব...

assam nalbari