/asomiyapratidin/media/media_files/2025/05/19/kvI5cdj3rHImzif1QhZF.jpg)
খেলো ইণ্ডিয়াত পদক লাভ অসমৰ স্পৃহা হৃষি কাশ্যপ
ডিজিটেল সংবাদ, মৰিগাওঁঃ শেহতীয়াকৈ বিহাৰৰ গয়াত অনুষ্ঠিত খেলো ইণ্ডিয়াত অসমক প্ৰতিনিধত্ব কৰিছিল মৰিগাঁৱৰ কিশোৰী স্পৃহা হৃষি কাশ্যপে। অসম দলৰ হৈ যোগাসন আৰ্টিষ্টিকৰ একক শাখাত সোণ আৰু দলীয় ভাৱে ব্ৰঞ্জৰ পদক লাভ কৰে স্পৃহাই। মৰিগাঁৱৰ কিশোৰীগৰাকীয়ে ইয়াৰ পূৰ্বে বিগত এপ্ৰিল মাহত ভাৰতক প্ৰতিনিধিত্ব কৰি দিল্লীত অনুস্থিত হোৱা দ্বিতীয় এছিয়ান যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৫ত বেকবেণ্ডিং ইণ্ডিভিজুৱেল আৰু ট্ৰেডিচনেল গ্ৰুপ ইভেণ্টত দুটাকৈ সোণৰ পদক লাভ কৰিছিল।
দুটাকৈ পদক লাভ কৰি নিজ গৃহত উপস্থিত হোৱাৰ পিছতেই স্পৃহাক লৈ উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ,পৰিয়ালবৰ্গৰ লগতে মৰিগাঁৱৰ ৰাইজ। এপ্ৰিল মাহত ভাৰতৰ হৈ দুটা সোণৰ আৰু মে' মাহত অসমৰ হৈ সোণ আৰু ব্ৰঞ্জৰ দুটা পদক লাভ কৰাৰ পিছত আগন্তুক ২০৩৬ চনত অনুষ্ঠিত হবলগীয়া অলিম্পিক আৰু এছিয়ান গেমচত নতুনকৈ অন্তৰ্ভুক্ত হোৱা যোগাসনত অংশগ্ৰহণৰ সপোন দেখিছে স্পৃহাই। অসমৰ ক্ৰীড়া জগতক আগুৱাই লৈ যাবলৈ বৰ্তমানৰ চৰকাৰখনে কৰা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিলে স্পৃহাই।