'বেদুইনৰ পৃথিৱীত ফুটবলৰ ঢৌ' উন্মোচন...

'বেদুইনৰ পৃথিৱীত ফুটবলৰ ঢৌ' উন্মোচন...
'বেদুইনৰ পৃথিৱীত ফুটবলৰ ঢৌ' উন্মোচন...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধমল্ল বৰুৱাৰ নৱতম গ্ৰন্থ 'বেদুইনৰ পৃথিৱীত ফুটবলৰ ঢৌ' উন্মোচন কৰা হয়। সদ্য সমাপ্ত কাটাৰ বিশ্বকাপস্থলীত নিজেই ৩৫ টাকৈ দিন উপস্থিত থাকি বিশ্বকাপখনৰ বিভিন্ন দিশ সামৰি এই গ্ৰন্থখন ৰচনা কৰি উলিয়াইছে ক্ৰীড়া সাংবাদিকগৰাকীয়ে।

ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপে 'বেদুইনৰ পৃথিৱীত ফুটবলৰ ঢৌ' উন্মোচন কৰি কয়, এই গ্ৰন্থখনে ৰাজ্যৰ ক্ৰীড়া সাহিত্যৰ ভড়াল চহকী কৰিব । পৰৱৰ্তী সময়ত ক্ৰীড়া বিষয়ক গৱেষণাৰ বাবেও এই গ্ৰন্থখন সমল হোৱাৰ থল আছে ।

তদুপৰি গ্ৰন্থখনত কাটাৰ বিশ্বকাপৰ বিভিন্ন ষ্মৰণীয় ঘটনা আৰু কাটাৰৰ সমাজ জীৱনৰ অনেক জানিবলগীয়া কথা সন্নিবিষ্ট হৈছে । গ্ৰন্থখনত ৪০ পৃষ্ঠাজোৰা ছবিয়ে কাটাৰ বিশ্বকাপৰ বহু ছন্দময় ঘটনা প্ৰতিফলিত কৰিছে । গ্ৰন্থখন পঢ়ুৱৈ সমাজে আকোৱালি ল’ব বুলি তেওঁ আশাবাদী ।

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুৱোধমল্ল বৰুৱাৰ ‘’বেদুইনৰ পৃথিৱীত ফুটবলৰ ঢৌ’’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰিছে মালিয়াতা প্ৰকাশনে । গ্ৰন্থখন চলিত অসম গ্ৰন্থমেলাৰ এম আৰ পাব্লিকেশ্বনত উপলব্ধ হোৱাৰ লগতে এমাজ’ন আৰু ফ্লিপকাৰ্টতো উপলব্ধ হ’ব বুলি জনাইছে ।

উল্লেখ্য যে, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি সুবোধমল্ল বৰুৱাৰ এইখন হ’ল ষষ্ঠখন গ্ৰন্থ । ইয়াৰ পূৰ্বে তেওঁ বিখ্যাত ফুটবলাৰৰ ল’ৰালি কাল, জীৱন যৌৱন ক্ৰীড়াংগন, অসম ফুটবলৰ বৰ্ণিল যাত্ৰা, যাত্ৰাৰ আঁৰৰ যাত্ৰা, ক্ৰীড়া সাংবাদিক সুৱোধমন্ন বৰুৱাৰ ৰচনাৱলী শীৰ্ষক গ্ৰন্থ ৰচনা কৰি ক্ৰীড়া সাহিত্যৰ ভড়াল চহকী কৰিছে।

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম অলিম্পিক সন্থাৰ ভৱনত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সাভখনত উপস্থিত থাকে প্ৰবীণ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, বলেন্দ্ৰমোহন চৌধুৰী, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদৰ সঞ্জীৱ ফুকন, গ্ৰন্থখনৰ প্ৰকাশক মায়াৰাম দাস, সাংবাদিক বেদব্ৰত মিশ্ৰ, ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতা, পুলিন সাহাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in