বিটিচি বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ...

শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হ'ল চিৰাঙৰ নাঙলভাঙা গাঁৱৰ নৱ উদয় হাইস্কুল
বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ...
বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, চিৰাং: শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হ'ল চিৰাঙৰ নাঙলভাঙা গাঁৱৰ নৱ উদয় হাইস্কুল। শুকুৰবাৰে ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত একমাত্ৰ বিজ্ঞান বিষয়ৰ শিক্ষকগৰাকীক বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ নিৰ্দেশত ৫ জানুৱাৰীত অন্য এখন বিদ্যালয়লৈ বদলি কৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে।

ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীবৰ্জন কৰি ৰঞ্জিত বসুমতাৰী গ' বেক, বিদ্যালয়ক লৈ ৰাজনীতি কৰা বন্ধ কৰক, বিদ্যালয়ক লৈ ৰাজনীতি কৰা নচলিব , আমাক বিজ্ঞান শিক্ষক লাগিবই, বিজ্ঞান শিক্ষকৰ বদলিৰ আদেশ বাতিল কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে বিদ্যালয়ৰ চৌহদ।

উল্লেখ্য যে, চিৰাং জিলাৰ অতিকৈ ভিতৰুৱা ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান অঞ্চল হিচাপে চিহ্নিত নাঙলভাঙা গাঁৱৰ নৱ উদয় হাইস্কুলত বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাক লৈ দুটা ফৈদৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আছিল। বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কই গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ মজিয়া পৰ্যন্ত পাইছিল।

এই বিতৰ্ক চলি থকাৰ মাজতে একমাত্ৰ বিজ্ঞান বিষয়ৰ শিক্ষক জনক জিলাখনৰ শান্তিপুৰ হাইস্কুলত বদলি কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছতেই আজি শিক্ষানুষ্ঠান খনত প্ৰথমে শ্ৰেণীবৰ্জন আৰু পিছলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষাৰ্থীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in