সংঘত ভকতৰেই জয়

সাহস নহ'ল
সংঘত ভকতৰেই জয়
সংঘত ভকতৰেই জয়

মৃদুল কুমাৰ সন্দিকৈ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচৰাত কি ঘটি থাকে বা আছে তাক লৈ সময় নষ্ট কৰাৰ অৱকাশ নাথাকিল হেতেন যদিহে এই অনুষ্ঠানটোৰ প্ৰতি আন্তৰিকতা নাথাকিল হয়। ইয়াৰ উপৰিও অনাকাংক্ষিত ভাৱে কিছু বিতৰ্কত সোমাই পৰা অনুষ্ঠানটোক নেতৃত্ব দিয়া সকলৰ মইমতালিয়ে লাখ লাখ ভকতক নিৰাশ নকৰা হ'লে।

আহোম জনগোষ্ঠীৰ ওচৰত পৰিস্থিতি সাপেক্ষে ক্ষমা খোজাৰ পৰিৱেশ সৃষ্টি কৰাৰ পাছত সেই বিতৰ্কৰ অন্ত পেলাবলৈ পদাধিকাৰ কমলাকান্ত গগৈয়ে ক্ষমা বিচাৰিছিল। তাৰ বাবে পদাধিকাৰগৰাকীক জবাবদিহি কৰা হৈছিল অনুষ্ঠানটোৰ যুটীয়া বৈঠকত।

ইয়াক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিবাদ আৰু সংঘৰ ভিতৰচৰাতে ভাঙোনমুখী এক চিন্তাই গঢ় লোৱাৰ পাছত প্ৰধান সম্পাদক বাবুল বৰাই সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে। ১৯ নৱেম্বৰ ২০২২ ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠক জোনাইত অনুষ্ঠিত হ'ল।

ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী ২০২৩ ত আয়োজন কৰা হৈছে সংঘৰ ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাদেশিক অধিৱেশন। ইয়াৰ বাবে লাইখঁটা স্থাপনৰ দিন ঠিৰাং কৰা হৈছিল ২০ নৱেম্বৰ ২০২২।

তাৰ পূৰ্বে ১৯ নৱেম্বৰত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহকখন। এই কাৰ্যনিৰ্বাহক অধিৱেশনস্থলীৰ পৰা ৩ কিলোমিটাৰ দূৰত নিশা প্ৰায় ৭ মান বজাৰ পৰা ২ ঘণ্টাৰ বাবে অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহকলৈ যাতে কোনো সাংবাদিক বা আন লোক যাব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছিল।

লক্ষ্যণীয় ভাৱে পদাধিকাৰকে ধৰি আন ২ জন বিষয়ববীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ল'ব বুলি চৰ্চা চলিছিল আৰু তেনে এক সিদ্ধান্ত ল'বলৈয়ো সাজু হৈছিল। কিন্তু এই সন্দৰ্ভত সংবাদ মাধ্যমত ব্যাপক খবৰ আৰু সংঘৰ ভিতৰচৰাত ভকতসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই সংঘৰ নেতৃত্বক তেনে সিদ্ধান্ত ল'বলৈ বা চিন্তা কৰিবলৈ অৱকাশ নিদিলে।

এয়া অতি সুখৰ কথা যে, কমলা কান্ত গগৈ বা আনসকলৰ বিষয়টো ইয়াত আলোচনা নহ'ল। তাৰ বিপৰীতে বিশ্ববিদ্যালয় সম্পৰ্কীয় কিছু কথা, সংঘৰ অধিৱেশনক লৈ আলোচনা আৰু শিৱসাগৰ জিলাৰ কেইবাখনো প্ৰাথমিকক সংঘৰ পৰা আঁতৰাই হৈছিল। সেই প্ৰাথমিক কেইখনক পুনৰ সংঘই আদৰি লয়।

৬০০ ৰো অধিক সংগীক এক আৰ্থিক অভিযোগৰ ভিত্তিত সংঘৰ পৰা নিলগাই থোৱা হৈছিল। শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা প্ৰাদেশিকৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক আনন্দ বৰাক অৱশ্যে সংঘলৈ পুনৰ অনা নহ'ল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰ ভাগত যি লবীগিৰী চলি আছিল তাৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰকাশিত আৰু আলোচিত প্ৰসংগবোৰৰে নিসন্দেহে সংঘক অনিষ্ট নকৰে। বৰঞ্চ এই কথাবোৰে সংঘক আৰু দায়বদ্ধশীল আৰু ভকত, বৈষ্ণৱসকলক সচতেন কৰি তুলিলে।

ভিতৰৰ পৰা সংঘক হয়তো সদায় ভাল দৃষ্টিৰেই চোৱা হয়। ইয়াত কিছু অনিয়ম থাকিলেও সেইবোৰৰ বিৰুদ্ধে মাত মতাৰ সুযোগ নাথাকে। কিন্তু সংঘৰ বাহিৰৰ পৰা নিৰপেক্ষ ভাৱে অনুষ্ঠানটোক বিচাৰ বিশ্লেষণ কৰিব পাৰি।

শ্ৰীমন্ত শংকৰদেৱ সংঘ যিমানেই সংঘৰ কাষ চাপিব সিমানেই অনুষ্ঠানটি আদৰ্শহীন আৰু কক্ষচ্যুত হৈ পৰিব। সংঘক গতিশীল কৰাৰ নামত তৈল মৰ্দনৰ ৰাজনীতি কৰা সেই সকলক সময় থাকোতেই চিনাক্ত কৰি তেওঁলোকে যাতে সংঘক ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰতিজন ভকতেই দৃষ্টি ৰাখিব লাগিব।

সৰু সৰু কিছু কথাও সংঘই গুৰুত্ব দিয়া ভাল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামত যোৰহাটৰ পূৰ্বশ্ৰী প্ৰিণ্টাৰ্চৰ মালিক শিৱপ্ৰসাদ বৰুৱাই এটা ঘৰ মাটি দান দিছিল। চৰ্ত আছিল তাত এখন চিকিৎসালয় নিৰ্মাণ কৰিব।

প্ৰথমে দাঁতৰ এখন চিকিৎসালয় পাতিবলৈ প্ৰস্তুতি চলোৱা হৈছিল। কিন্তু সেই চিকিৎসালয় গঢ়লৈ নুঠিল। ইয়াৰ কাৰণ কি আছিল? সংঘক মানুহে দান বৰঙণি অন্তৰৰ ভিতৰৰ পৰা দিয়ে।

নেতৃত্ব লোৱা সকলে সেই দান বৰঙণি গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰিব নোৱাৰিলে দাঁতাসকলেও অন্তৰত দুখ পায়। সংঘৰ সাধাৰণ ভকত বৈষ্ণৱ বা সংগীয়ে যি সংবিধান মানিব লাগে বা যি নীতি, নিয়ম মানি চলে একেই নীতি নিয়ম সংঘৰ বিষয়ববীয়াসকলেও মনাতো বাধ্যতামূলক।

মৰিগাঁৱত পূজা অনুষ্ঠিত কৰা চৌহদত ৰাস পতাৰ বাবেই তাত সহযোগ নকৰিবলৈ নিৰ্দেশ দিয়াসকলে যেতিয়া মূৰ্তি ৰাসৰ স্থলীত অংশ লৈ মূৰ্তি সন্মুখত ভাষণ দিয়ে সেয়া জানো সংঘৰ নিয়মৰ পন্থী হয়?

প্ৰধান সম্পাদক বাবুল বৰাই হয়তো কথাটো মন কৰিব। সংঘৰ আন সকলেও বিষয়টো নিজৰ দৃষ্টিৰে বিবেচনা কৰি চাব । কাৰোবাৰ বাবে অপৰাধ আৰু কাৰোবাৰ বাবে সেই একেই কাৰবাৰবোৰ সুযোগ যদি হয় তেনেহ'লে সংবিধানৰ মূল্য ক'ত থাকিব?

অত্যন্ত সুখৰ কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সাম্প্ৰতিক সময়ত চৰ্চিত বিষয়বোৰক লৈ ইতিবাচক দৃষ্টিৰে বিচাৰ বিশ্লেষণ কৰাৰ এক আন্তৰিক প্ৰয়াসৰ বাবে সাজু হৈছে। নিয়ম মানুহৰ বাবে গঢ়া হয়।

সেই নিয়মে ৰক্ষণশীল আৰু সংকুচিত এখন সমাজ গঢ়িলে নতুন প্ৰজন্মই ইয়াক আদৰি নল'ব। ইয়াৰ উপৰিও ই লবীগিৰী আৰু একনায়কত্ববাদ এচামে ইয়াত চলাইছে তাৰ বিৰুদ্ধে এদিন নহয় এদিন মানুহ জাগি উঠিব। স্থায়িত্ব ক'তো নাই।

ক্ষমতা সৰ্বচ্ছ চিন্তা চেতনাৰ পৰা আঁতৰি আহি আধ্যাত্মিক পৰিৱেশৰ মাজত গুৰুজনাই দেখা সেই প্ৰগতিশীল সমাজখন শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘই গঢ়ক। আধ্যাত্মিক পৰিৱেশৰ মাজতে ৰুচীশীল জীৱনবোধৰ গৰাকী হওক সমাজৰ প্ৰতিজন লোক।

শ্ৰীমন্ত শংকৰদেৱ কোনো এক অনুষ্ঠানৰ বা কোনো ব্যক্তি বিশেষৰ নহয়। ই এক সত্বা আৰু আদৰ্শ। জাতীয় বুনিয়াদৰ লাইখুঁটা। সেই গুৰুজনাৰ আদৰ্শ উত্তৰ ভাৰত বা বাহিৰৰ কোনো অনুষ্ঠানৰ হাতোৰাত হেৰাই গ'লে আমি ক'ত বিচাৰি পাম শংকৰদেৱক?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in